চৰকাৰী বঞ্চনাঃ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ব্যাপক প্ৰতিবাদ - সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সংস্থা
ৰাজ্যৰ 1 লাখ 17 হাজাৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ জীৱনৰ সৈতে খেলা কৰা চৰকাৰৰ বিৰুদ্ধে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ আগত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে জিলাখনৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী সংস্থাই ৷
চৰকাৰী বঞ্চনাঃ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ব্যাপক প্ৰতিবাদ
যোৰহাট, 25 জুলাইঃ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সংস্থাৰ ব্যাপক প্ৰতিবাদ ৷ ৰাজ্যৰ 1লাখ 17হাজাৰ কৰ্মচাৰীৰ জীৱনৰ সৈতে খেলা কৰা সোণোৱাল চৰকাৰৰ বিৰুদ্ধে যোৰহাটত সাব্যস্ত হয় এই প্ৰতিবাদ ৷ কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতত মধ্যাহ্ন ভোজন আঁচনিৰ সকলো সুবিধা অৰ্পন কৰিবলৈ ওলোৱাৰ বাবেই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মীসকলে ৷ জিলাখনৰ উপায়ুক্ত কাৰ্যালয়ৰ আগত দিনৰ ভাগত প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে ৷