অসম

assam

ETV Bharat / state

লঘু বাহনৰ মালিকপক্ষৰ উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান - সামাজিক দুৰত্ব

লঘু বাহনসমূহৰ মালিকসকলে সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সামাজিক দূৰত্ব মানি অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে উপায়ুক্তক এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷ যদিহে যান-বাহনসমূহ চলাচলৰ ক্ষেত্ৰত প্ৰশাসনে বান্ধি দিয়া নিয়ম শিথিল নকৰে তেন্তে তীব্ৰ সমস্যাৰ সন্মুখীন হ’ব যান-বাহনৰ মালিকসকল ৷

Memorandum was given to deputy commissioners by small vehicle owner at jorhat assam etv bharat news
উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান

By

Published : Aug 24, 2020, 3:25 PM IST

যোৰহাট,24 আগষ্ট:লক্ ডাউনৰ পিছতে এতিয়া আনলকে বেমেজালি সৃষ্টি কৰিছে ব্যক্তিৰ জীৱনত ৷ একেদৰে সমস্যা সৃষ্টি হৈছে যাতায়াতৰ ক্ষেত্ৰতো ৷ বিশেষকৈ লঘু বাহনৰ মালিক পক্ষই সন্মুখীন হৈ আহিছে বিভিন্ন সমস্যাৰ ৷ সেয়ে জীৱন নিৰ্বাহৰ বাবে পথ বিচাৰি হাবাথুৰি খাইছে একাংশ বে-চৰকাৰী ব্যৱসায়িক বাহনৰ মালিকে ৷ বিশেষকৈ যোৰহাট জিলাত দেখা গৈছে এনে সমস্যা ৷ কিয়নো জিলাখনত প্ৰশাসনে যান-বাহন চলাচলৰ ক্ষেত্ৰত জাৰি কৰিছে কঠোৰ নিষেধাজ্ঞা ৷ প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী সম্পূৰ্ণ সপ্তাহটোত এদিনৰ বাদে এদিন চলিব পাৰিব বাহনসমূহ ৷ অৰ্থাৎ যুগ্ম-অযুগ্ম সংখ্যাৰ নম্বৰৰ ভিত্তিত চলিব পাৰিব বাহনসমূহ ৷ কিন্তু এইক্ষেত্ৰত ব্যাপক সমস্যাৰূপে থিয় দিছে সাপ্তাহিক লক ডাউনে ৷ সাপ্তাহিক লক ডাউনৰ ফলত সপ্তাহত মাত্ৰ দুদিনহে বাহনসমূহ চলাব পাৰিব মালিক পক্ষই ৷

উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান

এই সমস্যাৰ সন্মুখীন হোৱা লঘু বাহনসমূহৰ মালিকসকলে সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সামাজিক দুৰত্ব মানি অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে উপায়ুক্তক এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷ যদিহে যান-বাহনসমূহ চলাচলৰ ক্ষেত্ৰত প্ৰশাসনে বান্ধি দিয়া নিয়ম শিথিল নকৰে তেন্তে তীব্ৰ সমস্যাৰ সন্মুখীন হ’ব যান-বাহনৰ মালিকসকল ৷

লগতে চাওকঃমুকলি হ'ল মহানগৰীৰ বহু প্ৰত্যাশিত ৰোপৱে’ সেৱা

ABOUT THE AUTHOR

...view details