অসম

assam

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 4:10 PM IST

ETV Bharat / state

Mariani Municipal Board : গেৰুৱা হোৱাৰ দিশে মৰিয়নী পৌৰসভা

গেৰুৱা বসন পিন্ধিব অসমৰ একমাত্ৰ নিৰ্দলীয় পৌৰসভাৰ মৰিয়নী পৌৰসভাৰ সদস্যই ৷ মৰিয়নী পৌৰসভাৰ 10 টা ৱাৰ্ডৰ 7 টা ৱাৰ্ডতে বিজয়ী হৈছিল নিৰ্দলীয় প্ৰাৰ্থী ৷

Members of Mariani Municipalty will join BJP
গেৰুৱা হোৱাৰ দিশে মৰিয়নী পৌৰসভা

গেৰুৱা বসন পিন্ধিব মৰিয়নী পৌৰসভাৰ সদস্যই

যোৰহাট, 2 নৱেম্বৰ : গেৰুৱা হোৱাৰ দিশে অগ্ৰসৰ হৈছে মৰিয়নী পৌৰসভা ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এটা ফোন ক'লৰ পিছতে গেৰুৱা বসন পিন্ধিব অসমৰ একমাত্ৰ নিৰ্দলীয় পৌৰসভাখনে ৷ 2021 ত অনুষ্ঠিত হোৱাৰ পৌৰসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰি একক সংখ্যাগৰিষ্ঠতাৰে মৰিয়নী পৌৰসভাখন নিৰ্দলয়ী প্ৰাৰ্থীৰে গঠিত হৈছিল ৷

কেইবাদিনো ধৰি চৰ্চাত আছিল অসমৰ একমাত্ৰ নিৰ্দলীয় পৌৰসভা মৰিয়নী পৌৰসভাই বিজেপিত যোগদান কৰাৰ বিষয়টো ৷ অৱশেষত সেই সময় সমাগত ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ফোন ক'লৰ পিছত গেৰুৱা বসন পিন্ধিব মৰিয়নী পৌৰসভাৰ সকলো পৌৰ সদস্যই ৷

উল্লেখ্য যে মৰিয়নী পৌৰসভাৰ 10 টা ৱাৰ্ডৰ 7 টা ৱাৰ্ডতে বিজয়ী হৈছিল নিৰ্দলীয় প্ৰাৰ্থী ৷ বিগত দিন সমূহত মৰিয়নী পৌৰ নিৰ্দলীয় হিচাপে পৰিচালিত হৈ আছিল ৷ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মৰিয়নী সমষ্টিত থকা জনপ্ৰিয়তা তথা শক্তিশালী স্থিতিক প্ৰত্যাহ্বান জনাই নগৰবাসী ৰাইজে কংগ্ৰেছ আৰু বিজেপিক অগ্ৰাহ্য কৰি নিদৰ্লীয় প্ৰাৰ্থীৰ সপক্ষে জনাদেশ দিছিল ৷ ফলত তীব্ৰ চাপত থাকিব লগীয়া হৈছিল বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ আৰ্শীবাদত পুনৰ ৰূপজ্যোতি কুৰ্মীয়ে হেৰুৱা মৰ্যাদা পুনৰ ঘুৰাই পোৱাৰ দিশে আগবাঢ়ি গৈছে ৷

এই সন্দৰ্ভত এগৰাকী পৌৰ সদস্যই কয় যে, মুখ্যমন্ত্ৰী, মন্ত্ৰী পীযুষ হাজৰীকা আৰু সাংসদ তপন কুমাৰ গগৈৰ সহযোগিতাত পুনৰ বিজেপিলৈ ঘূৰি যাবলৈ পাই তেওঁলোক আনন্দিত হৈছে ৷ এই সন্দৰ্ভত প্ৰথম বৈঠক অনুষ্ঠিত হৈ যোৱা বুলি জানিবলৈ দিয়ে পৌৰ সদস্যজনে ৷ ইতিমধ্যে বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীত মুখ্যমন্ত্ৰী, মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ তপন কুমাৰ গগৈ আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীৰে পৌৰ সদস্য সকলৰ আন এক বৈঠক আছে ৷ এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ পৌৰসভাৰ সকলো সদস্য গুৱাহাটীলৈ ৰাওনা হ’ব বুলিও জানিবলৈ দিয়ে তেওঁলোকে ৷

লগতে পঢ়ক :Assam Secretariat : সচিবালয়ত আজিৰে পৰা প্ৰযোজ্য হ'ল ফেচ ৰিক’গনাইজড এটেনডেন্স চিষ্টেম

ABOUT THE AUTHOR

...view details