যোৰহাট,17 ছেপ্তেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মজিন উপলক্ষ্যে সমগ্ৰ ৰাজ্য খনৰ লগতে যোৰহাটতো অনুষ্ঠিত হৈছে মেগা ভেকচিনেচন কেম্প ৷ লক্ষ্য 28 হাজাৰ দ্বিতীয় পালি ক'ভিড প্ৰতিষেধক প্ৰদান কৰা ৷ ক'ভিডৰ অতিমাৰীৰ পৰা ৰক্ষা পাবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে হাতত লৈছে এই বিশেষ পৰিকল্পনা ৷ উল্লেখ্য যে, একমাত্ৰ ভেকচিন অৰ্থাৎ ক'ভিডৰ টীকাকৰণেৰেহে সকলোৱে ক'ভিডৰ বিৰুদ্ধে যুঁজিব পাৰিব ৷ গতিকে ইয়াৰ প্ৰতি লক্ষ্য কৰি ৰাজ্যত ব্যাপক হাৰত টীকাকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
আনহাতে শাৰদীয় দুর্গা পূজাৰ পূৰ্বে ৰাজ্য খনত ক'ভিডৰ প্ৰথম পালি টিকা প্ৰদান সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ সমান্তৰালকৈ দ্বিতীয় পালি টীকা প্ৰদান কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে ৷ যাৰ ফলত শুকুৰবাৰৰ দিনটোত সমগ্ৰ ৰাজ্য খনত ক'ভিডৰ দ্বিতীয় পালি টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে ৷ লগতে যোৰহাট জিলাতো শুকুৰবাৰে বিভিন্ন অঞ্চলত মেগা ভেকচিনেচন কেম্পৰ ব্যৱস্থা কৰা হৈছে ৷