যোৰহাট, 22 জুন : 21 জুন তাৰিখৰ পৰা ব্যাপক ৰূপত ক'ভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ এই কাৰ্যসূচী অনুসৰি প্ৰত্যেক দিনে প্ৰায় 2 লাখ 60 হাজাৰ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য বান্ধি লৈছে ৰাজ্য চৰকাৰে ৷ এই লৈয়ে দায়িত্বত থকা প্ৰতিগৰাকী অভিভাৱক মন্ত্ৰীয়ে নিজ নিজ জিলাৰ ভেকচিন কেন্দ্ৰসমূহ পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে ৷
মঙলবাৰে যোৰহাটত উপস্থিত হৈ ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ যোৰহাটৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ মডেল ভেকচিন চেণ্টাৰত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী গৰাকী ৷ ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কালতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয়, যোৰহাটত লকডাউন নিশ্চিত নহয় যদিও পৰিস্থিতি অৱনতি ঘটিলে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷
তিনিচুকীয়া: তিনিচুকীয়া-ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই তিনিচুকীয়া জিলাত উপস্থিত হৈ তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানৰ ক'ভিড ভেকচিন কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে ৷ মন্ত্ৰী অতুল বৰাই তিনিচুকীয়া মানৱ কল্যান পূজা ভৱনত তিনিচুকীয়া জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন তিনিচুকীয়াৰ সহযোগত মানৱ কল্যান ট্ৰাষ্ট তথা ইংলিছ একাডেমীৰ দ্বাৰা স্থাপন কৰা ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰে ৷ মন্ত্ৰী অতুল বৰাৰ লগত সংগ দিয়ে তিনিচুকীয়া জিলাৰ উপায়ুক্ত পাৱাৰ নৰচিং সম্ভাজী, অতিৰিক্ত উপায়ুক্ত দিপু কুমাৰ ডেকা, চক্ৰ বিষয়া সঞ্জীৱ কুমাৰ ফুকন, জিলাৰ সহায়ক আয়ুক্ত নিলোৰাম শৰ্মাই ৷