অসম

assam

ETV Bharat / state

টীয়কত বৃহৎ পৰিমাণৰ ঔষধ জব্দ

সোমবাৰে নিশা কাকজান বাম কুকুৰাচোৱাৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ঔষধ । টীয়ক আৰক্ষী আৰু লাহদৈগড় আৰক্ষীয়ে যুটীয়া অভিযান চলাই ঔষধখিনি জব্দ কৰে ।

As_teok_01_teok_medicine_seized_vis_as10027
টীয়কত বৃহৎ পৰিমাণৰ ঔষধ জব্দ

By

Published : Jun 1, 2021, 5:20 PM IST

টীয়ক, ১ জুন: টীয়ক আৰক্ষী আৰু লাহদৈগড় আৰক্ষীয়ে যুটীয়া অভিযান । সোমবাৰে নিশা কাকজান বাম কুকুৰাচোৱাত অভিয়ান চলাই বৃহৎ পৰিমাণৰ ঔষধ জব্দ কৰে অভিযানকাৰী দলটোৱে । পৱন তামুলী ওৰফে বাবুল নামৰ ব্যক্তিজনৰ ঘৰত ঔষধ মজুত থকাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে অভিযান চলায় ।

টীয়কত বৃহৎ পৰিমাণৰ ঔষধ জব্দ

এই অভিযানত বহু পৰিমাণৰ ঔষধ, চেলাইন, চিৰিঞ্জ আদি জব্দ কৰে আৰক্ষীয়ে । অনুজ্ঞা পত্ৰবিহীনভাৱে ঔষধখিনি মজুত কৰি ৰাখিছিল পৱন তামুলীয়ে । অভিযুক্ত পৱনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে, তেওঁ অনুজ্ঞা পত্ৰ অবিহনেই ঔষধখিনি মজুত ৰাখিছিল আৰু প্ৰয়োজন সাপেক্ষে বিভিন্ন লোককো প্ৰদান কৰিছিল ।

পূৰ্বে এখন ফাৰ্মাচীত কাম কৰিছিল পৱনে । আনহাতে, ঔষধ উদ্ধাৰ কৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে কাকজানত ।

লগতে পঢ়ক:নাহৰকটীয়াত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

ABOUT THE AUTHOR

...view details