অসম

assam

By

Published : Jan 31, 2021, 3:42 PM IST

ETV Bharat / state

যোৰহাটত কেন্দ্ৰীয় ভাৱে 'মে-ডাম-মে-ফী' উদযাপন

দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটত কেন্দ্ৰীয়ভাৱে পালন কৰা হৈছে 'মে-ডাম-মে-ফী' ৷ যোৰহাটৰ টাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতিৰ উদ্যোগত জয়া ভৱনত পালন কৰা হৈছে 'মে-ডাম-মে-ফী' ৷

me-dam-maficelebration-at-jorhat
যোৰহাটত কেন্দ্ৰীয় 'মে-ডাম-মে-ফী' উদযাপন

যোৰহাট, 31 জানুৱাৰী : আহোম সকলৰ উপৰিপুৰুষলৈ শ্ৰদ্ধা জনাই দেওবাৰে অসমৰ প্ৰায়বোৰ প্ৰান্ততে পালন কৰা হৈছে 'মে-ডাম-মে-ফী' ৷ টাই আহোম সকলৰ পৰম্পৰাগত ৰীতি-নীতিৰে যোৰহাটতো পালন কৰা হৈছে 'মে-ডাম-মে-ফী' ৷

যোৰহাটৰ তাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতিৰ উদ্যোগত জয়া ভৱনত কেন্দ্ৰীয়ভাৱে দুদিনীয়াকৈ আয়োজন কৰা হৈছে 'মে-ডাম-মে-ফী' ৷ প্ৰথম দিনা কাৰ্যসূচী অনুসৰি পূৱা বন্তি প্ৰজ্বলন কৰাৰ লগতে সন্ধিয়ালৈ ফুৰালুং সম্পন্ন কৰা হয় ৷

যোৰহাটত কেন্দ্ৰীয় ভাৱে 'মে-ডাম-মে-ফী' উদযাপন

ইফালে, দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ মতে প্ৰথমে দেওঘৰত বন্তি প্ৰজ্বলন কৰা হয় ৷ ইয়াৰ পিচতে পুৰন্দৰ সিংহ আৰু কামেশ্বৰ সিংহৰ মৈডামত চাকি-বন্তি জ্বলাই পূৰ্জা-অৰ্চনা কৰা হয় ৷

'মে-ডাম-মে-ফী' লগত সংগতি ৰাখি জাংচাই হুং নামৰ এখনি স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয় ৷ সমান্তৰালভাৱে টীয়কৰ প্ৰাক্তন বিধায়ক প্ৰয়াত মেম্বৰ গগৈ সোঁৱৰণত জয়া ভৱনৰ এখন তোৰণৰ আধাৰ শিলা স্থাপন কৰা হয় ৷

লগতে পঢ়ক : স্বাধীনতাৰ পিচৰে পৰা এগৰাকীও মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা নকৰা সমষ্টিটো

ABOUT THE AUTHOR

...view details