অসম

assam

ETV Bharat / state

মূল্যবৃদ্ধি ৰোধৰ উদ্দেশ্যে তিতাবৰত চাৰি সংগঠনৰ প্ৰতিবাদ

যোৰহাটত মূল্যবৃদ্ধি ৰোধ কৰাৰ উদ্দেশ্যে কেইবাটাও সংগঠনৰ প্ৰতিবাদ ৷ যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

Massive Protest In Titabor
মূল্যবৃদ্ধি ৰোধ কৰাৰ উদ্দেশ্যে তিতাবৰত চাৰি সংগঠনৰ প্ৰতিবাদ

By

Published : Nov 4, 2020, 6:01 PM IST

যোৰহাট, 4 নৱেম্বৰ :অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ উদ্দেশ্যেৰে বুধবাৰে যোৰহাট জিলাৰ তিতাবৰত কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটাই ৷

মূল্যবৃদ্ধি ৰোধ কৰাৰ উদ্দেশ্যে তিতাবৰত চাৰি সংগঠনৰ প্ৰতিবাদ

বীৰ লাচিত সেনা, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বৃহত্তৰ অসমীয়া যুৱ মঞ্চই মূল্যবৃদ্ধি ৰোধৰ দাবীত তিতাবৰ ষ্টেচন তিনি আলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অনাগত দিনত মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে ।

লগতে পঢ়ক :জাৰ্মান কনছুল জেনেৰেলে সাক্ষাৎ কৰিলে কেৰালাৰ মুখ্যমন্ত্ৰীক

ABOUT THE AUTHOR

...view details