যোৰহাট, 19 অক্টোবৰ :যোৰহাট চিকিৎসা মহাবিদ্য়ালয়ত সুৰক্ষা কৰ্মীৰ প্ৰতিবাদ ৷ প্ৰাপ্য মজুৰি বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে সুৰক্ষা কৰ্মীয়ে ৷
শৰাইঘাট প্ৰতিষ্ঠানৰ বিৰুদ্ধে যোৰহাটত সুৰক্ষা কৰ্মীৰ প্ৰতিবাদ
যোৰহাট চিকিৎসা মহাবিদ্য়ালয়ৰ সুৰক্ষা কৰ্মীৰ প্ৰতিবাদ ৷ বিগত তিনি মাহে প্ৰাপ্য মজুৰি লাভ নকৰাৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মীসকলৰ ৷ অভিযোগৰ আঙুলি শৰাইঘাট প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৷
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শৰাইঘাট চিকিউৰিটি কোম্পানীৰ অধীনত কৰ্তব্যৰত সুৰক্ষা কৰ্মী সকলক বিগত তিনি মাহৰ পৰা প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ সুৰক্ষা কৰ্মীসকলৰ ৷ আনকি, প্ৰাপ্য দৰমহা বিচাৰিলে কামৰ পৰা বাহিৰ কৰি দিয়াৰ লগতে অশ্লীল গালি গালাজপাৰে বুলিও অভিযোগ উত্থাপন কৰিছে কৰ্মী সকলে ৷ বিগত বহু বছৰৰ পৰাই প্ৰতিষ্ঠানটোত কাম কৰি অহাৰ পিচতো কৰ্মীসকলকESI আৰু PF ৰ সুবিধা প্ৰদাননকৰাৰ অভিযোগ কৰ্মীসকলৰ ৷ অনতিপলমে কৰ্মীসকলে তেওঁলোকৰ প্ৰাপ্য মজুৰি প্ৰদান কৰাৰ দাবী জনাইছে ৷
লগতে পঢ়ক :ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা গাফিলতিত ক্ষুব্ধ ডিমাছা ছাত্ৰ সন্থা