তিতাবৰ, 30 ডিচেম্বৰ :বুধবাৰে বেকাজানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শাখা সমিতি আৰু বেকাজনবাসী ৰাইজৰ উদ্যোগ এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয় । নগা পাহাৰৰ অবৈধ কয়লাখনিৰ ফলত বেকাজান অঞ্চলত পাঁচখন গাঁৱৰ ৰাইজৰ কৃষিভূমি তথা ৰাজহুৱা ক্ষতি হোৱাৰ অভিযোগ তুলি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে প্ৰতিবাদকাৰীয়ে ৷
অভিযোগ অনুসৰি, বিগত তিনিবছৰ ধৰি গাঁৱৰ কৃষিভূমিত একো শস্য উৎপাদন কৰিব পৰা নাই বেকাজানবাসীয়ে । এই সন্দৰ্ভত জিলা প্ৰশাসনক বাৰাম্বাৰ অৱগত কৰাৰ পিচতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷