টীয়ক, 20 অক্টোবৰ :টীয়কত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷
মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে টীয়কত কৃষক মুক্তিৰ প্ৰতিবাদ - বলৱৎ
টীয়কত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ ৷

উল্লেখ্য যে, বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই সোমবাৰে পশ্চিমবংগৰ চিলিগুৰিত অনুষ্ঠিত এখন গণসভাত ভাষণ প্ৰসংগত শীঘ্ৰে CAA বলৱৎ কৰা হ'ব বুলি কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । সভাপতি গৰাকীৰ এই মন্তব্যৰ পিচতে টীয়কৰ ৩৭ নং ঘাইপথৰ ওপৰত ৰাষ্ট্ৰীয় সভাপতি গৰাকী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰ বিৰোধী শ্ল'গানে পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰী সকলে কোনো কাৰণতে CAA মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে ।
লগতে পঢ়ক :কৃষি বিধেয়কৰ বিৰুদ্ধে পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ প্ৰতিৰোধী বিধেয়ক