অসম

assam

ETV Bharat / state

ন্যায্য প্ৰাপ্তিৰ দাবীত যোৰহাটত আটছাৰ অৱস্থান ধৰ্মঘট

যোৰহাটত আটছাই বিভিন্ন সমস্যা সমাধানৰ বাবে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ সমস্যা সমাধান নকৰিলে 2021 চনত বিজেপিক উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিব বুলি উল্লেখ কৰে ৷

Massive protest by ATTSA At Jorhat
ন্যায্য প্ৰাপ্তিৰ দাবীত যোৰহাটত আটছাৰ অৱস্থান ধৰ্মঘট

By

Published : Sep 9, 2020, 6:16 PM IST

যোৰহাট, 9 ছেপ্তেম্বৰ : বুধবাৰে ন্যায্য প্ৰাপ্তিৰ দাবীত আটছাই এঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । চৈকতা চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত এঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে আদিবাসী ছাত্ৰ সন্থাৰ মৰিয়নী আঞ্চলিক সমিতিয়ে ।

ন্যায্য প্ৰাপ্তিৰ দাবীত যোৰহাটত আটছাৰ অৱস্থান ধৰ্মঘট

উল্লেখযোগ্য যে,কেৱলমাত্ৰ ভোট বেংকৰ বাবে ব্যৱহাৰ কৰি অহা চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰী 350 টকালৈ বৃদ্ধি কৰা, অস্থায়ী শ্ৰমিক সকলক স্থায়ীকৰণৰ কৰাৰ লগতে ৰেচন কাৰ্ড প্ৰদান তথা এম্বুলেন্স সেৱা প্ৰদান কৰাৰ দাবীত এই কাৰ্যসূচী ৰূপায়ন কৰে ।

আনহাতে,2021 চনৰ নিৰ্বাচনৰ আগত সমস্যা সমূহ সমাধান নকৰিলে বিজেপি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়াৰ কথাও উল্লেখ কৰে সংগঠনটোৰ কৰ্মীয়ে ।

লগতে পঢ়ক: কৃত্ৰিম বানত জলমগ্ন বাক্সাৰ বৃহত্তৰ অঞ্চল

ABOUT THE AUTHOR

...view details