যোৰহাট,21 এপ্ৰিলঃ যোৰহাটত মাক্স পিন্ধাটো বাধ্যতামূলক ৷ অন্যথা ভৰিব লাগিব জৰিমনা ৷ উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ২০ এপ্ৰিলৰ পিছত লক ডাউন কিছু শিথিল কৰিছে যদিও এইক্ষেত্ৰত জাৰি কৰিছে কিছু নীতি-নিৰ্দেশনা ৷ দুচকীয়া বাহনত কেৱল এজন যাত্ৰী, চাৰি চকীয়া বাহনত দুজন যাত্ৰী আৰু সকলো লোকেই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে যদিও বহু লোকে এই নিয়মসমূহ উলংঘা কৰা পৰিলক্ষিত হৈছে ৷ যাৰ বাবে এতিয়া আৰু অধিক কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন ৷ লক ডাউনৰ সময়ৰ এই আইনসমূহ উলংঘা কৰিলে যিকোনো লোকেই ভৰিব লাগিব জৰিমনা ৷
যোৰহাটত বাধ্যতামূলক মাক্স,অন্যথা ভৰিব লাগিব জৰিমনা! - আইন উলংঘা
কেন্দ্ৰীয় চৰকাৰে ২০ তাৰিখৰ পিছত লক ডাউন কিছু শিথিল কৰিছে যদিও এইক্ষেত্ৰত জাৰি কৰিছে কিছু নীতি-নিৰ্দেশনা ৷ এই আইন উলংঘাকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন ৷
যোৰহাটত বাধ্যতামূলক মাক্স,অন্যথা ভৰিব লাগিব জৰিমনা!