অসম

assam

ETV Bharat / state

মৰিয়নিৰ চেলেং চাহ বাগিছাত বনজুই

মৰিয়নিৰ চেলেং চাহ বাগিছাত বনজুই ৷ বাগিচাখনৰ কেইবাঠাইতো একে সময়তে জুই লগালৈ চাই আৰক্ষী আৰু বনবিভাগৰ লোকে কোনো দুৰ্বৃত্তই বাগিছাখনৰ শুকান ঘাঁহনিত জুই লগাই দিয়াৰ সন্দেহ কৰিছে ।

masiv fire incedent at tea garden
মৰিয়নিৰ চেলেং চাহ বাগিছাত বনজুই

By

Published : Feb 14, 2021, 8:24 PM IST

Updated : Feb 14, 2021, 9:44 PM IST

যোৰহাট, 14 ফেব্ৰুৱাৰী : মৰিয়নিৰ চেলেং চাহ বাগিছাত দেওবাৰে দুপৰীয়া অকস্মাতে বনজুইৰ সূত্ৰপাত হয় । চেলেং বাগিছাৰ সাৰ প্ৰস্তুতৰ বাবে ৰোপণ কৰা গৌতম মালা বাগিচাৰ কেইবা ঠাইত হঠাতে জুইৰ সূত্ৰপাত হোৱা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ।

এই জুই হঠাতে বাগিছাখনৰ এক বৃহৎ অংশলৈ বিয়পি পৰে । বন জুই সন্দৰ্ভত বাগিছাৰ কৰ্তৃপক্ষই লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত টীয়ক, আমগুৰি আৰু মৰিয়নিৰ পৰা অহা পাঁচখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে বহু চেষ্টা কৰি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

চেলেং বাগিচাত সংঘটিত বনজুইৰ ঘটনাই বাগিচাখনৰ কাষত বসবাস কৰা লোকসকলক আতংকিত কৰি তোলে । বাগিছাখনৰ প্ৰায় ১০ হেক্টৰ ভূমিত বনজুই বিয়পি পৰিছিল বুলি জানিব পৰা হৈছে । আনহাতে বাগিচাখনৰ কেইবাঠাইতো একে সময়তে জুই লগালৈ চাই আৰক্ষী আৰু বনবিভাগৰ লোকে কোনো দুৰ্বৃত্তই বাগিছাখনৰ শুকান ঘাঁহনিত জুই লগাই দিয়াৰ সন্দেহ কৰিছে ।

লগতে পঢ়ক :সমষ্টিক লৈ স্থিতি স্পষ্ট নহয় দুই প্ৰধান ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক সভাপতিৰ

Last Updated : Feb 14, 2021, 9:44 PM IST

ABOUT THE AUTHOR

...view details