যোৰহাট, 28 ছেপ্টেম্বৰ : গোলাঘাট আৰক্ষীৰ পাছত মৰিয়নী আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ এই অভিযোগ উত্থাপন কৰিছে মৰিয়নীৰ এখন গাঁৱৰ ৰাইজে ৷
অভিযোগ অনুসৰি মৰিয়নী নাগাজংকা শান্তিপুৰ গাঁৱৰ শেৱালী দুৱৰা নামৰ এগৰাকী বিবাহিতা মহিলা তেওঁৰ এবছৰীয়া কন্যা সন্তানক লগত লৈ 22 ছেপ্টেম্বৰৰ দিনা ঘৰৰ কাষতে থকা অংগনবাড়ী কেন্দ্ৰলৈ চাউল আনিবলৈ গৈছিল ৷ ইয়াৰ পাছৰ পৰাই সন্তানসহ সন্ধানহীন হৈ আছে মহিলা গৰাকী ৷
এই ঘটনাৰ বিষয়ে গাঁৱৰ মহিলাই মৰিয়নী থানাত এখন এজাহাৰ দাখিল কৰিছিল যদিও বিগত 6 টা দিনে মৰিয়নী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে গাঁওবাসীয়ে ৷ মৰিয়নি থানাত কৰ্মৰত জনৈক দাস নামৰ আৰক্ষী বিষয়াজনক এই বিষয়ে মহিলা সকলে প্ৰশ্ন কৰাত তেওঁ উত্তৰত "ভাত খাবলৈকে সময় নাই আপোনালোক পাচত আহিব" বুলি কৈ উভতাই পঠিয়াই দিয়াৰ অভিযোগ তুলিছে পৰিয়াল আৰু গাঁওবাসীয়ে ৷