অসম

assam

By

Published : Apr 17, 2022, 5:55 PM IST

ETV Bharat / state

মেৰাপানীত দুই বিশেষভাৱে সক্ষম যুৱক-যুৱতীৰ বিয়াকলৈ দেখা গ’ল ব্যাপক উৎসাহ

প্ৰেম এক মানৱীয় অনুভূতি, প্ৰেম এক আৱেগ কেন্দ্ৰিক অভিজ্ঞতা । ধনী-দুখীয়া, জাতি-ধৰ্ম-বৰ্ণ একোৱে নামানে প্ৰেমে । তেনে এক প্ৰেমৰ নিদৰ্শন দাঙি ধৰিলে গোলাঘাটৰ দুই প্ৰেমিক-প্ৰেমিকাই (An unique love story in Golaghat)। দুয়োৰে মিলনত এতিয়া আনন্দিত মেৰাপানীবাসী ।

marriage-of-two-specially-abled-youths-in-merapani
মেৰাপানীত এখন বিশেষ বিয়া

তিতাবৰ,১৭ এপ্ৰিল :বিহুৰ বতৰত গোলাঘাট জিলাৰ মেৰাপানীত উখল মাখল পৰিৱেশ । আনন্দৰ সীমা নাই মেৰাপানীৰ নলনীপথাৰ গাঁৱৰ ৰাইজৰ । এই আনন্দ এখন বিয়াৰ বাবে । অৱশ্যে এইখন কোনো সাধাৰণ বিয়া নহয় । বিশেষভাৱে দুজন সক্ষম লোকৰ বিয়া এইখন (Marriage of two specially abled youths in Merapani)।

দৰা হৈছে নলনীপথাৰ গাঁৱৰ পাপু পাও আৰু কইনা দেৰগাঁৱৰ চুমি পেগু । পাপু আৰু চুমি দুয়ো বিশেষভাৱে সক্ষম । কথা ক'ব নোৱাৰা পাপুৰ শাৰীৰিক গঠন আনতকৈ পৃথক । ইফালে চুমিৰ সোঁহাতখন জন্মৰে পৰা অচল ।

মেৰাপানীত দুই বিশেষভাৱে সক্ষম যুৱক-যুৱতীৰ বিয়াকলৈ দেখা গ’ল ব্যাপক উৎসাহ

কিন্তু এই শাৰীৰিক বাধা নেওচি শনিবাৰে দুয়ো বিবাহপাশত আবদ্ধ হয় । কিন্তু পাপু আৰু চুমিৰ মিলন কেনেকৈ হ'ল ? দুয়োৰে মিলনৰ কাহিনীও এখন চিনেমাৰ দৰে ।

সামাজিক মাধ্যম ফেচবুকত চুমিক দেখি প্ৰথম দিনটোতেই প্ৰেমত পৰিছিল বিশেষভাৱে সক্ষম পাপু । লগে লগেই প্ৰেমৰ কথা অৱগত কৰিছিল মাতৃ মৰমী পেগুক । কিন্তু মাতৃয়ে বিষয়টোত বিশেষ গুৰুত্ব নিদিয়াত লাহে লাহে খোৱা-লোৱা এৰিছিল পাপুৱে । কোনো দিনে লগ নোপোৱা প্ৰেমিকা চুমিৰ এখন ফটো বুকুত সাৱটি পাপুৱে মাঁথো বাট চাইছিল চুমিক আপোন কৰি লোৱা দিনটোলৈ ।

ইফালে প্ৰেমৰ অগ্নিত দহি ছটফটাই থকা পুত্ৰৰ দুৰৱস্থা সহ্য কৰিব নোৱাৰি এদিন মৰমী পেগুৱে দেৰগাঁৱৰ ভিতৰুৱা গাঁৱত বিচাৰি উলিয়াইছিল চুমি পেগুৰ সন্ধান । তেতিয়াৰে পৰাই একপ্ৰকাৰ দুৱাৰ মুকলি হৈছিল পাপু আৰু চুমিৰ মহামিলনৰ । প্ৰায় এটা মাহত ফোনত দুয়ো কথা পাতিছিল । নিজে একো ভাৱ প্ৰকাশ কৰিব নোৱাৰিলেও চুমিৰ কথাবোৰ শুনি প্ৰাণভৰি হাঁহিছিল পাপুৱে, সপোন দেখিছিল এখন সুখৰ সংসাৰৰ ।

অৱশেষত পিতৃ-মাতৃ আৰু গাঁওবাসীৰ সহযোগত শনিবাৰে দেৰগাঁৱৰ পৰা চুমি আহি চিৰদিনৰ বাবে পাপুৰ জীৱন সংগী হ'ল । পাপু আৰু চুমিৰ এই ব্যতিক্ৰমী তথা সপোন সপোন যেন লগা যুগ্ম জীৱনৰ পাতনিত আনন্দত আত্মহাৰা হৈ পৰিছে স্থানীয় গাঁওবাসী । কোনোৱে যদি গীত গাইছে, কোনোজনে আকৌ নাচিছে । সকলোৰে মাঁথো এটাই আশা, সুখ শান্তিৰে ভৰি পৰক দুয়োৰে যুগ্মজীৱন ।

লগতে পঢ়ক :যোৰহাট পালেহি জম্মুত আৱদ্ধ হৈ থকা সৰুমাই

ABOUT THE AUTHOR

...view details