মৰিয়নী,2 মে’ঃশুকুৰবাৰে নিশা মৰিয়নী থানাত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতি ৷ এগৰাকী মহিলাৰ স্বামী নিৰুদ্দেশ হোৱাক কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ উদ্ভৱ হয় ৷ ঘটনাৰ খবৰ পোৱা মাত্ৰকে থানাত উপস্থিত হয় সমষ্টিটোৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ ঘটনাক কেন্দ্ৰ কৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সৈতে মৃদু তৰ্ক যুদ্ধত লিপ্ত হয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷
ঘটনাৰ বিৱৰণী অনুসৰি, বৃহস্পতিবাৰে নিশা মৰিয়নীৰ নিজৰাপাৰ নিবাসী নৱজিৎ হাজৰিকা নামৰ লোকজনক মৰিয়নী আৰক্ষীয়ে আটক কৰি থানালৈ আনে । স্বামীৰ লগতে মহিলাগৰাকীও থানালৈ আহে যদিও শুকুৰবাৰে পুৱা ব্যক্তি গৰাকীক যাবলৈ দিয়া হ’ব বুলি আশ্বাস দিয়ে আৰক্ষীয়ে ৷ পেচাত এগৰাকী নাৰ্চ মহিলাগৰাকীয়ে Covid 19 ৰ বাবে জৰুৰীকালীন সেৱাত নিয়োজিত থকাত শুকুৰবাৰে পুৱাৰ ভাগত চিকিৎসালয়লৈ যায় ৷ কিন্তু কৰ্তব্য শেষ কৰি মহিলাগৰাকীয়ে সন্ধিয়া ঘৰলৈ আহি স্বামীক ঘৰত নোপোৱাত ফোনত যোগাযোগৰ চেষ্টা চলাই ব্যৰ্থ হৈ থানালৈ যায় ৷ তেতিয়া আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামীক গুৱাহাটীৰ ছয়গাঁও থানালৈ প্ৰেৰণ কৰা বুলি অবগত কৰে ৷ পৰিয়ালৰ লোকৰ অজ্ঞাতে নৱজিত হাজৰিকাক কিয় ছয়গাঁৱলৈ নিলে সেই সন্দৰ্ভত কোনো উত্তৰ আৰক্ষীয়ে দিব নোৱাৰাত ব্যক্তিগৰাকীৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে থানালৈ আহি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।