যোৰহাট,27 ফেব্ৰুৱাৰী:মৰিয়নীৰ নকচাৰীৰ ধোদৰ আলিত পথ দুৰ্ঘটনা সংঘটিত ৷ দুৰ্ঘটনাটোত থিতাতে নিহত এজন ৷
ঘটনা অনুসৰি, দেৱৰাপাৰ চাৰিআলিৰ পৰা চুঙি লাহিঙৰ দিশে তীব্ৰ বেগত আহি থকা এখন স্কুটীয়ে নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মাৰে ৷ ফলত মুৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ থিতাতে নিহত হয় ভূৱন গগৈ নামৰ লোকজন ৷