মৰিয়নী, 13 ছেপ্তেম্বৰঃ ৰাজ্যজুৰি বৃদ্ধি পোৱা কোভিড-19ৰ ভয়াৱহতাৰ বাবে চৰকাৰে বিভিন্ন দিশত আৰোপ কৰিছে কঠোৰ নিয়মাৱলী ৷ সমান্তৰালকৈ দেশজুৰি চলি থকা আনলক 4 সময়ত বহু ক্ষেত্ৰত শিথিলতাও প্ৰদান কৰা হৈছে যদিও একাংশ দায়িত্বজ্ঞানহীন লোকে নূন্যতম সাৱধানতাখিনিও অৱলম্বন কৰাৰ পৰা বিৰত থকা দেখা গৈছে ৷ একে দৃশ্য দেখিবলৈ পোৱা গৈছে মৰিয়নীত ৷ চৰকাৰে বান্ধি দিয়া কোনো নীতি-নিৰ্দেশনা মানি চলা হোৱা নাই মৰিয়নীত ৷
আনলক 4 সময়ছোৱাত চৰকাৰে সাপ্তাহিক হাট-বজাৰসমূহ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে যদিও মৰিয়নী আৰক্ষীৰ সন্মুখতে নিৰ্বিঘ্নে চলি আছে বজাৰ ৷ ঠায়ে ঠায়ে আৰক্ষী তথা অৰ্ধ-সামৰিক বাহিনীৰ লোক মোতায়ন কৰা হৈছে যদিও তেওঁলোকৰ সন্মুখতে মাস্ক পৰিধান নকৰাকৈ একংশ ব্যৱসায়ীয়ে চলাই গৈছে সাপ্তাহিক বাজৰ ৷