অসম

assam

By

Published : Oct 4, 2019, 11:57 PM IST

ETV Bharat / state

নাটক কৰিয়েই 15 বছৰ পাৰ কৰিলে মৰিয়নীৰ বিধায়কে !!

মৰিয়নীৰ বিধায়কে নাটক কৰিয়েই 15 টা বছৰ পাৰ কৰিলে বুলি মন্তব্য ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাৰ ৷ মৰিয়নীৰ ষ্টেচন তিনিআলিত "হাই-মাষ্ট" লাইটৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী পিযুষ হাজৰিকাই একালৰ সতীৰ্থ ৰূপজ্যোতি কুৰ্মীৰ নাম নোলোৱাকৈ তীব্ৰ সমালোচনা কৰে ৷

মৰিয়নীত হাইমাষ্ট" লাইটৰ শুভাৰম্ভণি

যোৰহাট, 4 অক্টোবৰঃ মৰিয়নীৰ ষ্টেচন তিনিআলিত "হাই-মাষ্ট" লাইটৰ শুভাৰম্ভ কৰে নগৰ উন্নয়ন তথা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাই ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী পিযুষ হাজৰিকাই একালৰ সতীৰ্থ ৰূপজ্যোতি কুৰ্মীৰ নাম নোলোৱাকৈ তীব্ৰ সমালোচনা কৰে ৷ মৰিয়নীৰ বিধায়কে নাটক কৰিয়েই 15 টা বছৰ পাৰ কৰিলে বুলি মন্তব্য পিযুষ হাজৰিকাৰ ৷

মৰিয়নীত 20 টা "হাই-মাষ্ট" লাইট লগোৱাৰ উপৰিও অতি শীঘ্ৰে অত্যাধুনিক প্ৰযুক্তিৰ সৌৰশক্তি চালিত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰাৰ কথাও ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে ৷ মৰিয়নীৰ পৌৰসভাৰ পৌৰপতি শম্ভূ পালে আঁত ধৰা এই সভাখনত ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাছাৰ লগতে উপস্থিত থাকে বহুতো গণ্য-মান্য ব্যক্তি ৷

ABOUT THE AUTHOR

...view details