যোৰহাট, 17 ফেব্ৰুৱাৰীঃ"অসমীয়া আৰু অসমত বসবাস কৰা বঙালী সকলৰ মাজৰ যি ভাতৃত্বৰ বন্ধন সেয়া অধিক কটকটীয়া কৰিব তুলিবৰ বাবে অসমৰ 15 খন জিলাত লক্ষ্মীনাথ বেজবৰুৱা আৰু তেওঁৰ পত্নী প্ৰজ্ঞাসুন্দৰী প্ৰতিমূৰ্তি অতিশীঘ্ৰে নিৰ্মাণ কৰি তোলা হব" এই প্ৰতিশ্ৰুতি অসম ভাষিক সংখ্যালঘূ উন্নয়ন বৰ্ডৰ অধ্যক্ষ তথা মৰিয়নীৰ প্ৰাক্তন বিধায়ক আলোক কুমাৰ ঘোষৰ ।
অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ সংবাদমেল - আলোক কুমাৰ ঘোষ আলোক কুমাৰ ঘোষ
মৰিয়নীৰ ৰেলৱে ইনষ্টিটিউটত অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ড আৰু বৃহত্তৰ অসম বাঙালী উন্নয়ন বৰ্ডৰ কেন্দ্ৰীয় অধ্যক্ষ আৰু উপাধ্যক্ষই এক সংবাদলমেল সম্বোধন কৰি এইদৰে জানিব দিয়ে।
![অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ সংবাদমেল অসম ভাষিক সংখ্যালঘু উন্নয়ণ বৰ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6100335-176-6100335-1581930405410.jpg)
মৰিয়নিৰ ৰেলৱে ইনষ্টিটিউটত অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ড আৰু বৃহত্তৰ অসম বাঙালী উন্নয়ন বৰ্ডৰ কেন্দ্ৰীয় অধ্যক্ষ আৰু উপাধ্যক্ষই সংবাদলমেল সম্বোধন কৰি এই বিষয়ে সদৰি কৰে ৷ লগতে অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডে অসমত বসবাস কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ যি সকল ভাষিক সংখ্যালঘু লোক আছে সেই সকলক আৰ্থিক স্বাৱলম্বিতাৰ বাবে নগদ ধন,বিজুলী বাতিকে আদি কৰি চিলাই মেচিন আদি প্ৰদান কৰে ৷ এই বর্ষতে শিলিগুৰিত ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ লগতে কোচবিহাৰৰ মধুপুৰ সত্ৰত এটা জিৰণি আবাস নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে সংস্থাটোৰ নেতৃত্বই ৷
লগতে পঢ়কঃ পাথাৰকান্দিত বন্য হস্তীয়ে প্ৰাণ ল'লে এজন শ্ৰমিকৰ