মৰিয়নী,20 জুনঃ যোৰহাট জিলাৰ মৰিয়নী নগৰৰ বিশুদ্ধ খোৱাপানীৰ দাবী জনায় স্থানীয় ৰাইজৰ লগতে আছুৱে শনিবাৰে এক প্ৰতিবাদী কায্যসূচী ৰূপায়ণ কৰে । মৰিয়নী নগৰত নগৰ পানী যোগান আঁচনিৰ নামত মৰিয়নীবাসী ৰাইজক বহু দিন ধৰি অস্বাস্থ্যকৰ লেতেৰা খোৱা পানীৰ যোগান ধৰি আহিছিল বুলি অভিযোগ উঠিছে। মৰিয়নীৰ নিজৰাপাৰত 2005 চনতে স্থাপন হোৱা নগৰ পানী যোগান আঁচনিৰ দ্বাৰা মৰিয়নী নগৰ অঞ্চলৰ প্ৰায় ১০০০ পৰিয়ালে পানী যোগান ধৰি আহিছিল।
পানীৰ নামত মৰিয়নীবাসীক বৰবিহ ! - অস্বাস্থ্যকৰ পৰিবেশ
পানীৰ নামত মৰিয়নীবাসীক খুৱাইছে বৰবিহ,মৰিয়নী নগৰ পানী যোগান আঁচনিৰ পানীৰ টেংকীত গজিছে মেটেকা শেলুৱৈ। প্ৰতিবাদ কৰিবলৈ ওলাই আহে আছুকে আদি কেইবাটাও দল সংগঠনৰ লগতে স্থানীয় ৰাইজ ৷
![পানীৰ নামত মৰিয়নীবাসীক বৰবিহ ! mariani urban water supply aginest protest aasu and local pepole](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7696480-851-7696480-1592653051544.jpg)
ইফালে বিগত 15 বছৰ ধৰি এই পানীৰ টেংকী সমূহ কোনোধৰণে চাফ চিকুণ কৰা হোৱা নাই। ফলত এই পানী যোগান আঁচনিৰ আটাইকেইটা টেংকীত মেটেকা শেলুৱৈকে ধৰি নানা ধৰণৰ গছ গছনিৰে ভৰি পৰিছে। অন্যহাতে পানী বিশুদ্ধ কৰাৰ বাবে ব্যৱহাৰ কৰা এলাৰ্ম (alarm) নামৰ ৰসায়ন ৰখাৰ কোঠাত ছাগলীৰ বিষ্ঠা, গৰুৰ মুত্ৰ উপচি আছে । এনে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজেৰে নগৰবাসীক দীৰ্ঘ দিনে পানী যোগান ধৰি অহাৰ কথা গম পাই ক্ষোভিত হৈ পৰে মৰিয়নী বাসী। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহে আছুকে আদি কেইবাটাও দল সংগঠনৰ লগতে স্থানীয় ৰাইজ। প্ৰথম অৱস্থাত নগৰ পানী যোগান আঁচনিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও প্ৰশাসনৰ কোনোলোক উপস্থিত নোহোৱাত প্ৰতিবাদী জনতাই কাষতে থকা ধোদৰ আলিলৈ ওলাই আহি পথ অৱৰোধ কায্যসূচী ৰূপায়ণ কৰে। আনফালে এই নগৰ পানী যোগান আঁচনিৰ দায়িত্বত থকা বিষয়াও এক অস্বাস্ত্যকৰ আৰু লেতেৰা পৰিৱেশৰ মাজেৰে নগৰত পানী যোগান ধৰি থকাৰ কথা একেমুখে স্বীকাৰ কৰে। শেহতীয়াকৈ প্ৰতিবাদস্থলী মৰিয়নী ৰাজহ চক্ৰ বিষয়া বিশ্বজিত বৰা উপস্থিত হৈ নগৰ পানী যোগান আঁচনিৰ টেংকী সমূহ পৰিদৰ্শন কৰি উপযুক্ত ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে। প্ৰতিবাদকাৰী সকলে বিষয়গৰাকীৰ প্ৰতিবাদী কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে।