মৰিয়নী, 12 জুনঃ বাঁহ শিল্প অসমৰ কৃষ্টি সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। বাঁহৰ কাঠি কামি সমূহক না না ৰূপ দি বিচনী, তোম ,খালৈ, জাকৈ, চেপা, ডলা, কুলা ,পাছি, ঢাৰী আদিকে ধৰি আৰু অনান্য সামগ্ৰী সমূহ অসমীয়াৰ জীৱনশৈলীৰ এৰাব নোৱাৰা সম্পদ। এই সমূহ সামগ্ৰী সমূহৰে এজন প্ৰস্তুতকৰ্তা হৈছে মৰিয়নী সোণাপুৰ গাঁওৰ মাখন বৰা । তেওঁৰ লগত সহযোগ কৰে তেওঁৰ সহধৰ্মিনী ৰেণু বৰাই । তেওঁলোকে কম বেছি পৰিমানে বাঁহৰ সকলো সামগ্রী নিৰ্মাণ কৰে যদিও মূলত তেওঁলোকে বিচনী নিৰ্মাণ কৰে থলুৱা বাঁহৰ পৰা ৷ প্ৰায় চল্লিছ বছৰৰো অধিক কাল বাঁহৰ সামগ্ৰী প্ৰস্তুত কৰি অহা বৰা দম্পতীয়ে ঘৰতে বিচনীৰ এটা ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে । ইতিমধ্যে 10,000 ৰো অধিক বিচনী প্ৰস্তুত কৰি উলিয়াইছে মাখন বৰাই ৷
বাঁহক শিল্পৰ ৰূপ দিয়া এহাল দম্পতী লগতে পঢ়কঃৰিপুণ বৰা আৰু ৰাণা গোস্বামীৰ নেতৃত্বত বাঘজানত উপস্থিত কংগ্ৰেছৰ এটা সজাতি দল
এই বিচনী সমূহৰ এখন বিশাল বজাৰ আছিল। তেওঁ সাজি উলিওৱা বিচনীসমূহ মৰিয়নীৰ লগতে চিনামৰা, যোৰহাট, তিতাবৰৰ আদি অঞ্চললৈ প্ৰেৰণ কৰিছিল। এসময়ত মাখন বৰাৰ বিচনীৰে গৰম কালি শৰীৰ জুৰাবলৈ বিচনী ক্ৰয় কৰি যি সহাৰি জনাইছিল এতিয়া আৰু সেই দিন নাই ৷ আধুনিকতাৰ ধামখুমীয়াত বিচনীৰ ঠাই ল'লে কুলাৰ,এ চি, ফেনে ৷ বজাৰতো কমি আহিল বিচনীৰ চাহিদা ৷ ফলস্বৰূপে আৰ্থিক অনাটনত জুৰুলা হৈ পৰিছে মাখন বৰাৰ পৰিয়াল ৷
লগতে পঢ়কঃৰঙিয়াত ছাত্ৰনেতাই সাজি দিলে অসহায় বৃদ্ধাৰ গৃহ
বিগত বছৰবোৰত চত মাহৰ পৰাই তেওঁৰ বিচনীয়ে বজাৰ দখল কৰাৰ বিপৰীতে এই বছৰত বৰ্তমান জেঠলৈকে বিচনী প্ৰস্তুত কৰিবলৈ সংকোচিত হৈছে মাখন বৰা । চৰকাৰ তথা অন্য কাৰো সহায়ৰ অবিহনে নিজ হাতে গঢ় দিয়া উদ্যোগটোৰ এতিয়া মৃতপ্ৰায় অৱস্থা ৷ এতিয়াও তেওঁ আশাবাদী যদি চৰকাৰে কিছু পৰিমানে আৰ্থিক অনুদান আগবঢ়াই তেন্তে অহা বছৰলৈ এই উদ্যোগতো বাছি থাকিব...
ৰেণু বৰা আৰু মাখন বৰাৰ বাঁহ শিল্পৰ কৰ্মৰাজী