অসম

assam

ETV Bharat / state

মৰিয়নীৰ চিনাতলী গাৱঁত নিষিদ্ধ ৰাজনৈতিক দলৰ প্ৰৱেশ - মৰিয়নী

ভোট বৰ্জনৰ সিদ্ধান্ত গাঁওবাসীৰ ৷ প্ৰৱেশ কৰিব নোৱাৰিব কোনো ৰাজনৈতিক দলৰ নেতা কৰ্মী ৷

মৰিয়নীৰ চিনাতলী গাৱঁত নিষিদ্ধ ৰাজনৈতিক দলৰ প্ৰৱেশ

By

Published : Apr 1, 2019, 12:20 PM IST

মৰিয়নী , 01 এপ্ৰিলঃনিৰ্বাচনৰ প্ৰাক মূহুৰ্তত ৰাজনৈতিক দল সমূহে ভুৱা আশ্বাস দিয়াটো কোনো নতুন কথা নহয় । এনে ভুৱা আশ্বাসত ভুল গৈ বছৰ বছৰ ধৰি যমৰ যন্ত্ৰনাত ভূগা মৰিয়নীৰ চিনাতলী গাঁও বাসীয়ে এইবাৰ ললে অন্তিম সিদ্ধান্ত ।

মৰিয়নীৰ চিনাতলী গাৱঁত নিষিদ্ধ ৰাজনৈতিক দলৰ প্ৰৱেশ

গাৱঁত প্ৰৱেশ নিষিদ্ধ কৰিলে ভোট বিচাৰি যোৱা ৰাজনৈতিক দলসমূহৰ।চিনাতলী গাৱঁৰ মূল পথটিৰ দুৰাৱস্থাৰ ফলত যাতায়তৰ বাবে অনুপযোগী হৈ আছিল । মেৰামতিৰ অভাৱৰ বাবে বিধ্বংসীৰূপ লোৱা এই পথটোৰ ফলত যমৰ যাতনা ভুগিছে গাঁওবাসীয়ে । বিগত সময়চোৱাত গাঁওবাসীয়ে এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক বহুতো অনুনয় বিনয় কৰাৰ লগতে মন্ত্ৰী তপন গগৈকো অৱগত কৰিছিল । কিন্তু মন্ত্ৰী গগৈয়ে লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে এই পথছোৱা বনাই দিয়াৰ আশ্বাস দিছিল যদিও সেই আশ্বাস ফুটুকাৰ ফেনতহে পৰিণত হয় বুলি অভিযোগ দিয়ে গাঁওবাসীয়ে ৷ সেয়ে ইয়াৰ প্ৰতিবাদত শেহতীয়াকৈ চিনাতলী গাঁৱৰ যুৱ সংঘই এক আলোচনাত মিলিত হৈ সমূহীয়াকৈ ভোট বৰ্জন তথা গাঁওখনত ভোট বিচাৰি অহা ৰাজনৈতিক দলৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ ঘোষণাকৰে ৷

ABOUT THE AUTHOR

...view details