অসম

assam

ETV Bharat / state

Use of plastic bottles : প্ৰদূষণ সৃষ্টিকাৰী প্লাষ্টিকৰ বটলে ধুনীয়া কৰিলে বিদ্যালয়ৰ চৌহদ

প্লাষ্টিকৰ বটলৰ দ্বাৰা কি ধৰণে পৰিৱেশ প্ৰদূষণ হয় সেয়া আমি সকলোৱে অৱগত । কিন্তু যোৰহাটৰ এখন বিদ্যালয়ে এই বটলবোৰক সৌন্দৰ্যবৰ্ধনত ব্যৱহাৰ কৰিলে (Plastic bottles used for beautification)। পেলনীয়া বটলেৰে আকৰ্ষণীয় জেওৰা সাজিলে বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলে ।

By

Published : Jan 20, 2023, 4:03 PM IST

Use of plastic bottles
প্লাষ্টিকৰ বটলে ধুনীয়া কৰিলে বিদ্যালয়ৰ চৌহদ

প্লাষ্টিকৰ বটলে ধুনীয়া কৰিলে বিদ্যালয়ৰ চৌহদ

মৰিয়নি, ২০ জানুৱাৰী : ৰাজ্যৰ এখন চৰকাৰী বিদ্যালয়ৰ আদৰণীয় পদক্ষেপ (Unique step of a Govt school)। পৰিৱেশ প্ৰদূষণৰ সজাগতাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বিদ্যালয়খনে । পেলনীয়া প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদ্যালয় চৌহদত নিৰ্মাণ কৰিছে এখন জেওৰা । বিদ্যালয়ৰ এনে পদক্ষেপ দেখি আপ্লুত অঞ্চলটোৰ ৰাইজ ।

উল্লেখ্য যে ৰাজ্যত এতিয়া গুণোৎসৱ আৰম্ভ হৈছে (Gunotsav of Assam govt schools)। ১১ খন জিলাক সামৰি প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে । ৰাজ্যৰ বিদ্যালয়সমূহৰ সামগ্ৰিক মূল্যায়নৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে চৰ্চা লাভ কৰিছে যোৰহাট জিলাৰ মৰিয়নিৰ এখন চৰকাৰী বিদ্যালয় । বিদ্যালয়খন হৈছে ১৯৮৫ চনতে স্থাপন হোৱা জংঘল ব্লক উচ্চ মাধ্যমিক বিদ্যালয় । অসম-নাগালেণ্ড সীমান্তৱৰ্তী মৰিয়নিৰ এক ভিতৰুৱা অঞ্চলত আছে বিদ্যালয়খন ।

আমি সকলোৱে জানো যে প্লাষ্টিকৰ বটলসমূহ য'ত ত'ত পেলাই দিয়াৰ ফলত ই পৰিৱেশ প্ৰদূষণত ইন্ধন যোগাই । কিন্তু এই প্লাষ্টিকৰ বটলবোৰ পৰিৱেশৰ সৌন্দৰ্যবৰ্ধনতো ব্যৱহাৰ কৰিব পাৰি । সেয়াই কৰি দেখুৱালে বিদ্যালয়খনে । পেলনীয়া প্লাষ্টিকৰ বটলবোৰ সংগ্ৰহ কৰি বিদ্যালয়ৰ চৌহদত এখন বিশেষ জেওৰা সাজি উলিয়ালে শিক্ষাৰ্থী আৰু শিক্ষকসকলে (Mariani school built plastic bottles fence)।

যাৰ ফলত এই প্লাষ্টিকৰ জেওৰাখনে বিদ্যালয়ৰ সৌন্দৰ্যবৰ্ধন কৰাৰ লগতে পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰতো অৰিহণা যোগাইছে । কেৱল জেওৰা দিয়াই নহয় প্লাষ্টিকৰ বটলবোৰেৰে শিক্ষাৰ্থীসকলে বিভিন্ন সামগ্ৰীও প্ৰস্তুত কৰিছে ।

ইয়াৰ উপৰিও ৰাসায়নিক সাৰৰ পৰিৱৰ্তে নিজ নিজ খেতি পথাৰত কেনেদৰে জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে আৰু জৈৱিক সাৰ কেনেদৰে প্ৰস্তুত কৰিব পাৰি তাৰো প্ৰশিক্ষণ দিয়া হৈছে শিক্ষাৰ্থীসকলক (School create awareness of environmental pollution)। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকলেও আজৰি সময়ৰ লগতে দেওবাৰৰ দিনটোত বিদ্যালয়খনৰ বিভিন্ন কাম কৰে । যি সময়ত একাংশ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে সময়মতে বিদ্যালয়ত উপস্থিত নোহোৱাৰ অভিযোগ উঠিছে । তেনে সময়ত জংঘল ব্লকৰ এই বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীৰ কৰ্মৰাজিয়ে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ।

এই বিদ্যালয়খনৰ আদৰ্শ গ্ৰহণ কৰি ৰাজ্যৰ আন আন বিদ্যালয়েও পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত কিছু হ'লেও বৰঙণি আগবঢ়াব বুলি এতিয়া ৰাইজে আশা প্ৰকাশ কৰিছে । ইফালে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ সময়তো এই বিদ্যালয়খনে বিশেষ চৰ্চা লাভ কৰিব বুলিও আশা কৰা হৈছে ।

লগতে পঢ়ক :Gunotsav in Assam: কলিয়াবৰত বিদ্যালয়ৰ প্ৰাতঃসভাত অংশগ্ৰহণ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ

ABOUT THE AUTHOR

...view details