অসম

assam

ETV Bharat / state

তিতাবৰত তিনি তৰপীয়া নিৰাপত্তা বেষ্টনীৰে ভোট গণনালৈ সাজু প্ৰশাসন

বৃহস্পতিবাৰে ভাগ্য নিৰ্ণয় হ'ব লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ। তিতাবৰত তিনি তৰপীয়া নিৰাপত্তা বেষ্টনীৰে ভোট গণনালৈ সাজু প্ৰশাসন ৷

By

Published : May 22, 2019, 3:09 PM IST

Updated : May 22, 2019, 3:25 PM IST

ভোট গণনালৈ সাজু তিতাবৰ প্ৰশাসন

মৰিয়নী,22মে': তিতাবৰ মহকুমাত তিনিতৰপীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ হ'ব ভোট গণনা ৷ 23 মে' অৰ্থাৎ বৃহস্পতিবাৰে ভাগ্য নিৰ্ণয় হ'ব লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ। এই ভোটগণনাৰ বাবে ইতিমধ্যে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে তিতাবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত। এইবাৰ তিতাবৰ মহকুমাৰ অন্তৰ্গত মৰিয়নী আৰু তিতাবৰৰ ২,৫৭,৬১৯ ভোটাৰৰ বিপৰীতে ১,৯৯,১৫৩ জন ভোটাৰে সাব্যস্ত কৰিছিল ভোটদান। ইপিনে বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভোটগণনাৰ অস্থায়ী কাৰ্যালয়ত মোবাইল ফোনকে আদি কৰি একাধিক ইলেকট্ৰনিক সামগ্ৰী নিষিদ্ধ কৰিছে। আনহাতে নিৰাপত্তাৰ দিশতো অধিক কটকটীয়া কৰি আৰক্ষীৰ তিনি তৰপীয়া বেষ্টনী গঢ়ি তোলা হৈছে বুলি নিৰ্বাচনী বিষয়া নৱজিৎ চাংমাইয়ে জানিবলৈ দিয়ে।

ভোট গণনালৈ সাজু তিতাবৰ প্ৰশাসন
Last Updated : May 22, 2019, 3:25 PM IST

ABOUT THE AUTHOR

...view details