যোৰহাট, 24মেঃকৰ'ণা ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ সজাগ সচেতনতাই একমাত্ৰ উপায় যদিও একাংশ লোকৰ চৰম দায়িত্বজ্ঞানহী কৰ্ম কাণ্ডৰ বাবেই বৰ্তমান এই ভাইৰাছে অসমৰ নগৰাঞ্চলৰ পাছত গ্ৰামাঞ্চললৈও বিপদ মাতি অনাৰ আশংকাই দেখা দিছে । বহিঃৰাজ্যৰ পৰা ৰে'লযোগে অহা যাত্ৰীসকলৰ মাজত এজনৰ পাছত এজনকৈ লোক কোভিড-১৯ পজিটিভ বুলি চিনাক্ত হৈছে তেনে সময়তে দিল্লী-ডিব্ৰুগড় অভিমুখী বিশেষ ৰে'ল গাড়ীৰ পৰা ৰে'ল পথৰ কাষত ব্যৱহৃত পিপিই কিট পেলাই থৈ যোৱা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ।
জানিব পৰা মতে দেওবাৰে পুৱা নকচাৰী আৰু লাহিং ষ্টেচনৰ মাজত লাহিং বাওতলী গাঁৱৰ সমীপৰ ৰেল আলিত দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী ৰাজধানী এক্সপেছৰ পৰা কেইবাটাও ব্যৱহৃত পিপিই কিট, পলিথিনৰ বেগ, টুপি আৰু মাস্ক পেলাই থৈ যায় । জনবসতিপূৰ্ণ এলেকাৰ ৰেল আলিত এনেদৰে ৰেলৰ পৰা ব্যৱহৃত পিপিই কিট সমূহ পেলাই থৈ যোৱা দেখি হুৱাদুৱা লাগে ৰাইজৰ মাজত।