মৰিয়নীত নিৰ্মাণৰ তিনিমাহৰ পাছতে খহি পৰিল পকী পথ
মৰিয়নী কঁঠালগুৰি চাহ বাগিচাত তিনিমাহ পূৰ্বে নিৰ্মাণ কৰা হৈছিল এটা পথ, কিন্তু তিনিমাহৰ পাছতেই খহি পৰিল পথটোৰ আধা অংশ
নিৰ্মাণৰ তিনিমাহৰ পাছতে খহি পৰিল পকী পথ
মৰিয়নী,২৬ এপ্ৰিল : মৰিয়নীৰ কঁঠালগুৰি চাহ বাগিচাৰ এটা পকী পথ । প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত মৰিয়নীৰ কঁঠালগুৰি চাহ বাগিচাৰ শ্ৰমিক লাইনলৈ যোৱা মূল পথটি তিনিমাহ পূৰ্বে নিৰ্মাণ কৰা হৈছিল । প্ৰায় ৮০ লাখ টকাৰ ব্যয় সাপেক্ষে পেভাৰ ব্লকৰে নিৰ্মাণ সম্পূৰ্ণ কৰি ওলোৱা পথটিৰ তিনিমান নহওঁতে খহি পৰে পথটোৰ আধা অংশ । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অতি নিম্নমানদণ্ডৰে নিৰ্মাণ কৰা হৈছিল এই পথটি । আনকি এই গাঁতটোৰ বাবে কেইবাটাও শিশু আঘাতপ্ৰাপ্ত হোৱাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী ।