মৰিয়নী, 25 মাৰ্চঃমৰিয়নীৰ চেলেংহাটৰ এটা পুখুৰীত মাছৰ সলনি ওলাল প্ৰায় ডেৰশ গাহৰি। প্ৰাপ্ত তথ্য অনুসৰি, উত্তৰ প্ৰদেশৰ পৰা অহা এখন 12 চকীয়া ট্ৰাকে ডেৰশ গাহৰি আনি জনাঞ্চলৰ এটা পুখুৰীত মেলি দিয়াক লৈ এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ সমগ্ৰ দেশতে ল'ক ডাউন চলি থকাৰ মাজতে ট্ৰাকখনে এই ডেৰশ গাহৰি আনি মেলি দিয়ে চেলেংহাটৰ কঠালবাৰীৰ সমীপৰ এখন পথাৰৰ মাজত থকা এটা পুখুৰীত ৷ আনহাতে এই গাহৰি সমূহ চোৱাচিতা কৰিবলৈ অহা 4 জন লোকো আহিছে উত্তৰ প্ৰদেশৰ পৰা ৷
শতাধিক গহৰিয়ে কৰ'ণা আতংকৰ সৃষ্টি কৰিছে মৰিয়নীত
সমগ্ৰ দেশতে ল'ক ডাউন চলি থকাৰ মাজতে উত্তৰ প্ৰদেশৰ পৰা এখন ট্ৰাকে মৰিয়নীৰ চেলেংহাটৰ এটা পুখুৰীত মেলি দিলে ডেৰশ গাহৰি ৷
শতাধিক গাহৰি ওলাল মৰিয়নীত
যাৰ বাবে এনে মহামাৰীৰ সময়তো বহিঃ ৰাজ্যৰ পৰা অনা গাহৰি খিনি ফাৰ্মত ৰখাৰ বিপৰীতে এটা পুখুৰীত মেলি দিয়াক লৈ ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷ তাতোকৈ গুৰুত্বপূৰ্ণ কথা যে, বহিঃ ৰাজ্যৰ পৰা অহা এইকেইজন লোকে বৰ্তমানলৈ কৰা নাই কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা ৷
লগতে পঢ়কঃকৰ'ণা : সাংসদে ব্যৱহাৰ কৰিব পাৰিব এলেকা উন্নয়ন পুঁজিৰ ধন