মৰিয়নি,14 জুলাইঃ মৰিয়নি নগৰত সোমবাৰে জ্যেষ্ঠ চিকিৎসক ডাঃ ভুৱন চন্দ্ৰ গগৈৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছতে এক প্ৰকাৰৰ হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় মৰিয়নিত। বিগত ৯তাৰিখে ক'ভিড-১৯ পজিটিভ ধৰা পৰা মৰিয়নিৰ ৫নং ৱাৰ্ডৰ শংকৰদেৱ কলোনীৰ বিজু দে' আৰু শৰ্মিলা লোদ দে'ৰ সংস্পৰ্শলৈ আহিছিল ডাঃ বি চি গগৈ। ৫ জুলাইত দম্পতিহাল চিকিৎসক গগৈৰ ওচৰত চিকিৎসা কৰাইছিল যদিও সেই সময়ত দম্পতিহাল ক'ভিড-১৯ আক্ৰান্ত বুলি জানিব পৰা নাছিল । ৯ জুলাইত দম্পতিহালৰ ক'ভিড-১৯ত আক্ৰান্ত বুলি জানিব পাৰে ।
মৰিয়নিত চিকিৎসক ক'ভিড-19 ত আক্ৰান্ত - স্বাৱ সংগ্ৰহ
এজন চিকিৎসকৰ ক'ভিড পজিটিভ হোৱাৰ পাছত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে মৰিয়নিত কেইবাশতাধিক লোকে স্বাৱ টেষ্ট কৰাবলৈ দীঘলীয়া শাৰী।
আনহাতে যোৱা ১১ জুলাইত চিকিৎসক ডাঃ গগৈৰ স্বাৱৰ নমুনা সংগ্ৰহ কৰা হৈছিল যোৱাকালি ১৩ জুলাইত অহা ফলাফলত প'জিটিভ বুলি ধৰা পৰে ৷ ইপিনে যোৱা ১১ জুলাইৰ পৰা চিকিৎসকজন হ‘ম কোৱাৰেন্টাইনত আছিল, যদিও ৯ জুলাইৰ পৰা ১০জুলাই লৈকে দুদিন উক্ত সময়ছোৱাত তেখেতে নিজৰ চেম্বাৰত বহু ৰোগীৰ চিকিৎসা কৰিছিল। চিকিৎসকজনে চিকিৎসা কৰা ৰোগী ক'ভিড পজিটিভ বুলি জনাৰ পাছতো তেওঁ কোৱাৰেণ্টাইন নহৈ নিজৰ চেম্বাৰত ৰোগী চোৱাত ব্যস্ত আছিল। কিন্তু কালি ১৩ তাৰিখে চিকিৎসক জন ক'ভিড পজিটিভ হোৱাৰ পাছত হুৱাদুৱা লাগিল তেওঁ চিকিৎসা প্ৰদান কৰা ৰোগী সকলৰ মাজত।
চিকিৎসক হোৱাৰ বাবেই স্বাভাৱিকতে তেখেতৰ যথেষ্ট সুনাম আছে সেই অনুসৰি তেখেতৰ ওচৰত চিকিৎসাৰ বাবে অহা ৰোগীৰ সংখ্যাও যথেষ্ট বেছি কিন্তু তেওঁ ক'ভিড পজিটিভ হোৱাৰ পাছত বিমোৰত পৰে স্বাস্থ্য বিভাগ। চিকিৎসক জনৰ সংস্পৰ্শলৈ অহা লোক সকলক স্বাস্থ্য বিভাগে জিলা প্ৰশাসনৰ সহায়ত মৰিয়নি মহাবিদ্যালয়ৰ বাণিজ্য শাখাত আজি স্বাৱ সংগ্ৰহ কৰাৰ কথা আছিল। যদিও পুৱাৰ পৰা মহাবিদ্যালয়ৰ সন্মুখত তেওঁৰ সংস্পৰ্শলৈ অহা কেইবাশতাধিক লোকৰ উপস্থিতয়ে বিমোৰত পেলাই স্বাস্থ্য বিভাগক। স্বাস্থ্য বিভাগৰ ফালৰ পৰা শেহতীয়াকৈ জানিব দিয়া মতে পুৱাৰ সলনি এতিয়া বিয়লি তিনি বজাৰ পৰা চিকিৎসক জনৰ সংস্পৰ্শলৈ অহা ব্যক্তি সকলক ৰেপিড কিটৰ জড়িয়তে ক'ভিড পৰীক্ষা কৰা হ‘ব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃ বাইকো নাচঘৰ নিৰ্মাণ বিতৰ্ক সন্দৰ্ভত মুখ খুলিলে ৰিংমিলা হোজাইয়ে