মৰিয়নী,26জুনঃবিভিন্ন কাৰুকাৰ্যৰে সংবাদ শিৰোনাম দখল কৰা থকা মৰিয়নী সমষ্টিৰ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সংবাদৰ শিৰোনামা দখল কৰাৰ এই বাৰ এক নতুন পদক্ষেপ। এইবাৰ চাইকেল চলাই আহি উপস্থিত হ‘ল যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ত। বিধায়ক উন্নয়ন পুঁজিৰ ধন ব্যৱহাৰৰ ব্যাপক খেলিমেলিৰ অভিযোগত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই ২০১১ চনৰ পৰা ২০১৭ চনলৈ বিধায়ক পুঁজি ব্যৱহাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।
পেডেল মাৰি মাৰি যোৰহাট উপায়ুক্ত কাৰ্যালয়ত বিধায়ক ৰূপজ্যোতি - মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক প্ৰত্ৰ প্ৰেৰণ ৷
বিধায়ক উন্নয়ন পুঁজিৰ ধন ব্যৱহাৰৰ ব্যাপক খেলিমেলিৰ অভিযোগত মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক প্ৰত্ৰ প্ৰেৰণ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷

চাইকেল লৈ এজন বিধায়ক উপস্থিত যোৰহাট উপায়ুক্ত কাৰ্যালয়ত
চাইকেল লৈ এজন বিধায়ক উপস্থিত যোৰহাট উপায়ুক্ত কাৰ্যালয়ত
তাৰ পৰিপ্ৰেক্ষিতত বিধায়ক হিচাপে তিনিওটা কাৰ্যকালৰ বিধায়ক পুঁজি ব্যৱহাৰ ওপৰত তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ মৰিয়নীৰ পৰা চাইকেল চলাই যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয় পালেগৈ বিধায়ক গৰাকী। ইয়াৰ লগতে বিগত সময়ত অসমত হোৱা বিভিন্ন দুৰ্নীতিৰ তদন্ত বিচাৰি বিধায়ক ৰূপজ্যোতি কুৰ্মী সৰব হৈ পৰে।
লগতে পঢ়কঃ পানী শুকুৱাৰ পিচতো ধেনুধৰাৰ পথত আবদ্ধ একাংশ লোক