অসম

assam

ETV Bharat / state

হোম কোৱাৰেন্টাইন কৰা হ'ল বিধায়ক ৰূপজ্যোতি কুৰ্মীক - মৰিয়নী

শেহতীয়াকৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সেই বিবাহ অনুষ্ঠান উপস্থিত থকাৰ বাবে বৰ্তমান বিধায়কগৰাকীকো হোম কোৱাৰেন্টাইন উপদেশ দিছে প্ৰশাসনে । ইতিমধ্যে বিধায়কগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে । বৰ্তমানেও তেওঁলোকৰ স্বাৱৰ ফলাফল আহি পোৱা নাই বুলি জানিব পৰা গৈছে ৷

MARIANI MLA HOME QUARANTINE
হোম কোৱাৰেন্টাইন কৰা হ'ল বিধায়ক ৰূপজ্যোতি কুৰ্মীক

By

Published : Jun 22, 2020, 9:21 PM IST

মৰিয়নী , 22 জুনঃ যোৰহাটৰ ১ নং সোনাৰী গাঁৱৰ ১ নং বাই লেনৰ এখন বিবাহ অনুষ্ঠানত উপস্থিত আছিল লক্ষ্যজিত বৰদলৈ নামৰ এজন যুৱক ৷ যুৱকজনৰ দেহত কৰ'ণাৰ লক্ষণে দেখা দিয়ে । পৰৱৰ্তী সময়ত জিলা প্ৰশাসনে সমগ্ৰ অঞ্চলটো কন্টেইনমেন্ট জ'ন ৰূপে ঘোষণা কৰে। তাৰোপৰি বিবাহ অনুষ্ঠানত উপস্থিত থকা সকলো লোকক হোম কোৱাৰেন্টাইন কৰে । শেহতীয়াকৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সেই বিবাহ অনুষ্ঠান উপস্থিত থকাৰ বাবে বৰ্তমান বিধায়কগৰাকীকো হোম কোৱাৰেন্টাইন উপদেশ দিছে প্ৰশাসনে । ইতিমধ্যে বিধায়কগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে । বৰ্তমানেও তেওঁলোকৰ স্বাৱৰ ফলাফল আহি পোৱা নাই বুলি জানিব পৰা গৈছে ৷

বিধায়ক ৰূপজ্যোতি কুৰ্মী

ইফালে ১৬ জুনত বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত বিধায়ক কুৰ্মীয়ে ৰাজ্যৰ কেইবাজনো মন্ত্ৰী বিধায়কক লগ কৰা বুলি জানিবলৈ দিয়ে ৷ কোভিদ সংক্ৰমণ বৃদ্ধিৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সোপাধিলা নীতিক জগৰীয়া কৰিছে বিধায়কগৰাকীয়ে । অন্যহাতে ৰেল বিভাগে ৰেল সমূহ চেনিটাইজাৰ নকৰাৰ ফলত কোভিদৰ সংক্ৰমণ বৃদ্ধি হোৱাৰো অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details