অসম

assam

মাস্ক, গ্লোভচ অবিহনে নিয়োজিত হৈছে চাফাই কৰ্মচাৰী

By

Published : Sep 15, 2020, 12:10 PM IST

মৰিয়নীত নগৰখনৰ চাফাই কৰ্মচাৰী সকলে মাস্ক আৰু গ্লোভচৰ অবিহনে কৰিব লগা হৈছে নগৰ চাফা । ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰথম শ্ৰেণীৰ যোদ্ধা হিচাপে চিহ্নিত চাফাই কৰ্মী সকলৰ প্ৰতি যেন নাই মৰিয়নী পৌৰসভাৰ সামান্যত্বম দায়িত্বও ৷

MARIANI FIRST LINE COVID WARRIOR without protection
মাস্ক, গ্লোভচ অবিহনে মৰিয়নিত নিয়োজিত হৈছে চাফাই কৰ্মচাৰী

মৰিয়নী,15 ছেপ্তেম্বৰঃ ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰথম শ্ৰেণীৰ যোদ্ধা হিচাপে চিহ্নিত চাফাই কৰ্মীৰ অৱদান অতুলনীয় ; সেইয়া লাগিলে চিকিৎসালয়ৰ চাফাই কৰ্মীয়ে হওঁক অথবা নগৰ চহৰৰ চাফ চিকুণত নিয়োজিত চাফাই কৰ্মীয়ে হওঁক । কিন্তু নিৰবিছিন্ন ভাবে নিজৰ কাম কৰি যোৱা এইসকল ক’ভিড যোদ্ধাৰ প্ৰতি যেন কোনো সদ্ভাৱ নাই চৰকাৰৰ ।

মাস্ক, গ্লোভচ অবিহনে মৰিয়নিত নিয়োজিত হৈছে চাফাই কৰ্মচাৰী

এনে এক দৃশ্যই এতিয়া দেখিবলৈ পোৱা গৈছে মৰিয়নীত । মৰিয়নী পৌৰসভাৰ চাফাই কৰ্মী সকলে মাস্ক আৰু গ্লোভচৰ অবিহনেই এফালৰ পৰা পৰিষ্কাৰ কৰি গৈছে নগৰখন । জানিব পৰা মতে, প্ৰায় দুমাহ পূৰ্বেই মৰিয়নী পৌৰসভাৰ অন্তৰ্গত অস্থায়ীভাৱে নিয়োজিত চাফাই কৰ্মীসকলক এবাৰেই কেইযোৰমান মাস্ক আৰু গ্লোভচ যোগান ধৰিছিল যদিও নাছিল সেইয়া পয্যাপ্ত ।

মাস্ক, গ্লোভচ অবিহনে মৰিয়নিত নিয়োজিত হৈছে চাফাই কৰ্মচাৰী

উল্লেখ্য যে, লাকডাউনৰ সময়ছোৱাতে হওঁক অথবা আনলকৰ এই সময়ছোৱাতে হওঁক, প্ৰথম শ্ৰেণীৰ শাৰীত থকা এইসকল ক’ভিড যোদ্ধাই কিন্তু একান্ত মনে কৰি গৈছে নিজৰ কৰ্তব্য । বৰ্তমানৰ চৰকাৰৰ নিয়োজিত এগৰাকী কাৰ্যবাহী বিষয়াৰ অধীনত থকা মৰিয়নী পৌৰসভাৰ অন্তৰ্গত এই সকল অস্থায়ী কৰ্মচাৰীক চৰকাৰী ভাৱে কোনোধৰণৰ মাস্ক অথবা গ্লোভচ প্ৰদান নকৰেকৈ চাফাইৰ কাম কৰোৱাই ৰাখি চৰকাৰেই একপ্ৰকাৰ ভঙ্গ কৰিছে ক’ভিড প্ৰট’কল ।

লগতে পঢ়কঃ CAA, EIA বাতিলৰ দাবীত কাকপথাৰত আছুৰ জোঁৰ সমদল

ABOUT THE AUTHOR

...view details