মৰিয়নী,30 অক্টোবৰ : মৰিয়নীত বন্যবস্তীৰ তাণ্ডৱ ৷ বন্যবস্তীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত এজন বনকৰ্মী ৷ খাদ্যৰ সন্ধানত মৰিয়নী হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা জলাঞ্চলত প্ৰৱেশ কৰে এটা বন্যহস্তীৰ দল ৷ বন্যহস্তীৰ দলটোৱে মৰিয়নীৰ পুখুৰীয়া,কাটনিবাৰী, কাঠকতীয়া,ডকলঙিয়া,খৰিকতীয়াআদি অঞ্চলত উপদ্ৰৱ চলায় ৷ বন্যহস্তীৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ বন বিভাগক খবৰ দিয়ে অঞ্চলবাসীয়ে ৷ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ বন্যহস্তীৰ জাকটোক অভয়াৰণ্যলৈ খেদি পঠিয়াবলৈ চেষ্টা চলায় ৷ কিন্তু সেই সময়তে দুজন বনকৰ্মীৰ ওপৰত বন্যহস্তীৰ জাকটোৱে আক্ৰমণৰ চেষ্টা চলায় ৷ নিজৰ প্ৰাণ ৰক্ষাৰ বাবে বনকৰ্মী বীৰেন কলিতা আৰু কল্যাণ ভূঞাই পথাৰত শুই দিয়ে ৷ প্ৰায় এঘণ্টা সময় পথাৰতে শুই থাকে বনকৰ্মী দুজনে ৷ পিচত বনকৰ্মী দুজনক স্থানীয় লোকে উদ্ধাৰ কৰে ৷ ইয়াৰে কল্যাণ ভূঞা গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱাত স্থানীয় ৰাইজে মৰিয়নী চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰে ৷
হাতীৰ আক্ৰমণত কথমপি প্ৰাণৰক্ষা বনকৰ্মীৰ - বনকৰ্মীজন মৰিয়নী চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন
মৰিয়নীত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন বনকৰ্মী ৷ বৰ্তমান বনকৰ্মীজন মৰিয়নী চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷
হাতীৰ আক্ৰমণ কথমপি প্ৰাণৰক্ষা বনকৰ্মীৰ!
Last Updated : Oct 31, 2019, 7:58 AM IST