অসম

assam

ETV Bharat / state

মৰিয়নিত ক'লা পতাকাৰ ভয়ত আন পথেৰে পলায়ন বিজেপিৰ ৰাজ্যিক সভাপতিৰ - কলা পতকাৰে উষ্ম আদৰণি সভাপতি ৰঞ্জিত দাসক

প্ৰতিবাদৰ পৰা হাত সাৰিবলৈ মূল পথ এৰি ভিতৰুৱা পথেৰে পলায়ন বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ ৷ ইয়াৰ পাছতো ক'লা পতকাৰে প্ৰদৰ্শন পৰা বাচিব নোৱাৰিলে সভাপতি ৰঞ্জিত কুমাৰ দাসে ৷

Mariani Black flags show to State BJP President for against CAA
মৰিয়নিত ক'লা পতাকাৰ ভয়ত ভিতৰুৱা পথেৰে পলায়ন বিজেপিৰ ৰাজ্যিক সভাপতিৰ

By

Published : Feb 18, 2020, 6:56 AM IST

Updated : Feb 18, 2020, 7:32 AM IST

মৰিয়নি,17 ডিচেম্বৰ:সোমবাৰে বিয়লি মৰিয়নিৰ সোণোৱাল চাহ বাগিচাৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় বিজেপিৰ সাংগঠনিক সভা। এই সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ লগতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ, অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ আলোক কুমাৰ ঘোষকে আদি কৰি জিলা বিজেপিৰ বহু কাৰ্যকৰ্তাই অংশ গ্ৰহণ কৰে ৷

মৰিয়নিত ক'লা পতাকাৰে উষ্ম আদৰণি সভাপতি ৰঞ্জিত দাসক

মৰিয়নিত সাংগঠনিক সভালৈ আহি থকা পথত ছাত্ৰ সন্থাই ক'লা পতাকাৰে উষ্ম আদৰণি জনাই সভাপতি ৰঞ্জিত দাসক ৷ তিতাবৰত অনুষ্ঠিত এক অনুষ্ঠান সম্পূৰ্ণ কৰি ধোদৰ আলি হৈ মৰিয়নী অভিমুখী হৈছিল ৰাজ্যিক সভাপতি গৰাকী । কিন্তু মৰিয়নীৰ সমীপৰ নগাধূলি আৰু নতুনমাটিত 'কা' বিৰোধী কেইবাটাও সংগঠনৰ লোকে প্ৰতিবাদ কৰিব বুলি আগতীয়াকৈ গম পাই সভাপতি গৰাকীৰ গাড়ী আদবাটৰ পৰাই পলায়ন কৰি এক ভিতৰুৱা পথৰে সভালৈ ৰাওনা হয় । কিন্তু তাৰ পাছতো প্ৰতিবাদকাৰীৰ কলা পতাকাৰ সন্মুখীন হ'ল সভাপতি গৰাকী । স্বভাৱসুলভ ভাৱে প্ৰতিবাদকাৰীক গামোচা দেখুৱাই বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ।

উল্লেখ্য যে,দলীয় সাংগঠনিক সভাখনত আগন্তুক বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ হিচাপে মৰিয়নীৰ বিজেপিৰ প্ৰাৰ্থীক মন্ত্রিত্বৰ পদ দিব বুলি আনুষ্ঠানিকভাবে ঘোষণা কৰে সভাপতি ৰঞ্জিত কুমাৰ দাসে ।

লগতে পঢ়ক:আৰম্ভ হ’ল বিজেপিৰ ‘মিছন 100’

Last Updated : Feb 18, 2020, 7:32 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details