অসম

assam

ETV Bharat / state

মৰিয়নীৰ পৰা যোৰহাটৰ অভিমুখী মেজিকত যুৱতী নিৰ্যাতনৰ অপচেষ্টা!! - কৰ্মস্থলীৰ পৰা নিজ গৃহ অভিমুখে আহি থকা অৱস্থাত মুখত সোপা দি যুৱতী অপহৰণৰ চেষ্টাৰ অভিযোগ চালকৰ বিৰুদ্ধে

কৰ্মস্থলীৰ পৰা নিজ গৃহ অভিমুখে আহি থকা অৱস্থাত মুখত সোপা দি যুৱতী অপহৰণৰ চেষ্টাৰ অভিযোগ চালকৰ বিৰুদ্ধে ৷ এতিয়াও জানিব পৰা হোৱা নাই পলাতক চালকৰ নাম ৷

মৰিয়নীৰ পৰা যোৰহাট অভিমুখী মেজিকত যুৱতী নিৰ্যাতনৰ অপচেষ্টা!!
মৰিয়নীৰ পৰা যোৰহাট অভিমুখী মেজিকত যুৱতী নিৰ্যাতনৰ অপচেষ্টা!!

By

Published : Nov 29, 2019, 5:28 AM IST

Updated : Nov 29, 2019, 11:05 AM IST

মৰিয়নী, 28 নৱেম্বৰ: এইবাৰ মৰিয়নীত চলন্ত মেজিকত যুৱতী নিৰ্যাতনৰ অভিযোগ চলকৰ বিৰুদ্ধে ৷ মৰিয়নীৰ পৰা যোৰহাট অভিমুখী এখন মেজিকত সংঘটিত হোৱা এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ মৰিয়নী নগৰত ৷ ঘটনা অনুসৰি মৰিয়নীৰ এগৰাকী যুৱতী নিজ কৰ্মস্থলী যোৰহাটৰ পৰা বুধবাৰে সন্ধিয়া AS03AC 8054 নম্বৰৰ এখন মেজিকত নিজ গৃহ মৰিয়নী অভিমুখে যাত্ৰা কৰিছিল ৷ কিন্তু মৰিয়নী পাবৰ সময় হোৱাত গাড়ীত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি মেজিক খনৰ চালকে যুৱতী গৰাকীক মুখত সোপা দি অপহৰণ কৰাৰ চেষ্টা চলাই ৷ কিন্তু সৌভাগ্য ক্ৰমে যুৱতীগৰাকীয়ে কোনোমতে চালকজনৰ কৱলৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয় ৷

কৰ্মস্থলীৰ পৰা নিজ গৃহ অভিমুখে আহি থকা অৱস্থাত মুখত সোপা দি যুৱতী অপহৰণৰ চেষ্টাৰ অভিযোগ চালকৰ বিৰুদ্ধে

ইফালে, যুৱতী গৰাকীয়ে এই ঘটনাৰ বিষয়ে নিজ পৰিয়ালক বিৱৰি কোৱাত পৰিয়ালৰ লোকে নিশাই মৰিয়নী থানাত এখন এজাহাৰ দাখিল কৰে ৷ ইতিমধ্যে মৰিয়নী আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত মেজিক খন জব্দ কৰিছে যদিও মেজিকখনৰ চালকজন বৰ্তমানো পলাতক অৱস্থাত আছে ৷

আৰু পঢ়ক:বিশ্বনাথত গ্ৰেপ্তাৰ দুই গড় চিকাৰী

Last Updated : Nov 29, 2019, 11:05 AM IST

ABOUT THE AUTHOR

...view details