অসম

assam

By

Published : Aug 10, 2019, 4:22 PM IST

ETV Bharat / state

এজাক বৰষুণতেই কৃত্ৰিম বানৰ কৱলত মৰিয়নী

পৌৰসভাৰ নিষ্ক্ৰীয় ভূমিকাৰ বিৰুদ্ধে ক্ষোভ বানাক্ৰান্তৰ ৷ অচিৰেই এই সমস্যা সমাধান কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ আহ্বান ক্ষোভিত ৰাইজৰ ৷

কৃত্ৰিম বানত বুৰ গ'ল যোৰহাটৰ মৰিয়নী

মৰিয়নী, 10 আগষ্ট: ৰাজ্যত ক্ৰমাৎ সুস্থিৰ হৈছে বান পৰিস্থিতি ৷ কিন্তু ইয়াৰ বিপৰীতে ঠায়ে ঠায়ে অব্যাহত আছে কৃত্ৰিম বানৰ প্ৰভাৱ ৷ শুকুৰবাৰে নিশা হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত কৃত্ৰিম বানপানীত ডুব যায় যোৰহাট জিলাৰ মৰিয়নীৰ কেইবাটাও অঞ্চল ৷ লগতে যোৰহাট নগৰৰ 1 নং ৱাৰ্ড আৰু 5 নং ৱাৰ্ডৰ বহুকেইটা বাসগৃহত কৃত্ৰিম বান সোমোৱাৰ ফলত নষ্ট হয় বহু সামগ্ৰী ৷

কৃত্ৰিম বানত বুৰ গ'ল যোৰহাটৰ মৰিয়নী

স্থানীয় লোকৰ অভিযোগ অনুসৰি মৰিয়নী পৌৰসভাৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবেই ৰাইজে ভুগিব লগা হৈছে এই দুৰ্ভোগ ৷ বানপানী হোৱা অঞ্চলসমূহৰ নলা নৰ্দমা সমূহ বছৰ বছৰ ধৰি চাফা নকৰাৰ ফলত এই কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলি অভিযোগ স্থানীয় ৰাইজৰ ৷ আনহাতে মৰিয়নী পৌৰসভাই এই অঞ্চল সমূহৰ জাৱৰ নিষ্কাষণ নকৰাৰ ফলতে জাবৰৰ দমে সৃষ্টি কৰা দুৰ্গন্ধময় পৰিৱেশৰ মাজতে জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে লোকসকলে ৷ অচিৰেই এই সমস্যা সমাধান কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ আহ্বান ক্ষোভিত ৰাইজৰ ৷

ABOUT THE AUTHOR

...view details