অসম

assam

ETV Bharat / state

মৰিয়নীত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত এজন - মৰিয়নীত ভয়ংকৰ পথ দুৰ্ঘটনা

মৰিয়নীৰ নগাঁৱত স্কুটি আৰু চাইকেলৰ মুখামুখি সংঘৰ্ষ ৷ চিকিৎসালয়লৈ লৈ যোৱাৰ পথতেই মৃত্যু হ'ল চাইকেল আৰোহী যতীন চুতীয়াৰ ৷

মৰিয়নীৰ নগাঁৱত স্কুটি আৰু চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষত নিহত এজন

By

Published : Nov 23, 2019, 4:45 AM IST

মৰিয়নি , 23 নৱেম্বৰঃশুকুৰবাৰে সন্ধিয়া মৰিয়নীত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক ৷ প্ৰাপ্ত তথ্য মতে, মৰিয়নীৰ নগাঁও নামৰ অঞ্চলটোত মৰিয়নীৰ পৰা নিউসোণোৱাল দিশে গৈ থকা যতীন চুতীয়া (৪৭) নামৰ চাইকেল আৰোহীজনক বিপৰীত দিশৰ পৰা অহা এখন স্কুটীয়ে খুন্দা মাৰে ফলত গুৰুতৰভাৱে আহত হয় স্কুটিখনৰ চালক ৰুবুল বৰাৰ লগতে চাইকেল আৰোহী যতীন চুতীয়া হয় ৷

মৰিয়নীৰ নগাঁৱত স্কুটি আৰু চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষত নিহত এজন

আঘাতপ্ৰাপ্ত দুয়োজনকে 108 সেৱাৰ জৰিয়তে ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও যাত্ৰা পথতেই নিহত হয় যতীন চুতীয়া ৷ আনফালে স্কুটী আৰোহী ৰুবুল বৰাক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৷

লগতে পঢ়কঃ কেব সন্দৰ্ভত মন্তব্য আইৰণ লেডি ইৰম স্বৰ্মিলাৰ

ABOUT THE AUTHOR

...view details