অসম

assam

ETV Bharat / state

Food poisoning : নকছাৰীৰ মাহ-প্ৰসাদত বিষক্ৰিয়াৰ ঘটনা; কৃষি বিভাগে যোগান ধৰা ৰাসায়নিক দ্ৰব্য মিহলি মগু ব্যৱহাৰৰ অভিযোগ - মাংগলিক অনুষ্ঠান

নকছাৰীৰ মাংগলিক অনুষ্ঠানত মাহ-প্ৰসাদ খাই ডেৰ শতাধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হোৱা ঘটনাৰ নতুন মোৰ ৷ অভিযোগ অনুসৰি বিষক্ৰিয়াৰ কাৰণ আছিল ৰাসায়নিক দ্ৰব্য মিহলি মগু ৷ কৃষি বিভাগে কৃষকলৈ যোগান ধৰা ৰাসায়নিক দ্ৰব্য মিহলি মগু বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

Many People Suffer from Food Poisoning
বিষক্ৰিয়াত আক্ৰান্ত ডেৰ শতাধিক

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 5:23 PM IST

নকছাৰীৰ মাহ-প্ৰসাদত বিষক্ৰিয়া ঘটনাৰ নতুন মোৰ

যোৰহাট, 1 ছেপ্টেম্বৰ : মৰিয়নীৰ নকছাৰীৰ দৰকিয়াল গাঁৱৰ এজন লোকৰ ঘৰৰ মাংগলিক অনুষ্ঠানত মাহ-প্ৰসাদ খাই ডেৰ শতাধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হোৱা ঘটনাই লৈছে নতুন মোৰ ৷ বিষক্ৰিয়াৰ উৎস ৰাসায়নিক দ্ৰব্য মিহলি মগু বুলি চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৷ আনহাতে মগু বিক্ৰী কৰা ব্যৱসায়ীক গ্ৰেপ্তাৰৰ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা দল-সংগঠনে ৷

উল্লেখ্য যে, নকছাৰীত মাহ-প্ৰসাদ খাই বিষক্ৰিয়াত আক্ৰান্ত হৈছিল ডেৰ শতাধিক লোক ৷ অভিযোগ অনুসৰি বিষক্ৰিয়াৰ কাৰণ আছিল ৰাসায়নিক দ্ৰব্য মিহলি মগু ৷ নকছাৰীৰ দৰিকিয়াল গাঁৱৰ প্ৰণৱ গগৈ নামৰ ব্যক্তিজনৰ ঘৰত 27 আগষ্টত হোৱা মাংগলিক অনুষ্ঠানৰ মাহ-প্ৰসাদত খাই বিষক্ৰিয়াত আক্ৰান্ত হৈছিল ডেৰ শতাধিক লোক ৷ বৰ্তমানেও চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে কেইবাগৰাকীও আক্ৰান্ত ৷ এই বিষক্ৰিয়া ঘটনাৰ কাৰণ কৃষি বিভাগে কৃষকলৈ যোগান ধৰা ৰাসায়নিক দ্ৰব্য মিহলি মগু বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

জানিব পৰা মতে প্ৰণৱ গগৈয়ে মাংগলিক অনুষ্ঠানৰ বাবে দেৱেৰাপাৰ চাৰি আলিত থকা ভৱানী ষ্ট’ৰৰ পৰা অনান্য সামগ্ৰীৰ লগতে ক্ৰয় কৰিছিল 12 কেজি গোটা মগু ৷ এই মগু খাইয়ে বিষক্ৰিয়াত আক্ৰান্ত হৈছিল ডেৰ শতাধিক লোক ৷ অভিযোগ মতে 15 নং মধ্য নকছাৰি গাওঁ‌ পঞ্চায়তলৈ কৃষি বিভাগে কৃষকলৈ যোগান ধৰা মগুৰ বীজ বিক্ৰী কৰিছিল মণ্টু আগৰৱালা নামৰ ব্যৱসায়ীজনে ৷ কিন্তু কৃষি বিভাগৰ মগু কেনে দৰে গেলামালৰ দোকান পালেগৈ সাংবাদিকে সেই বিষয়ে অনুসন্ধান কৰাত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য ৷

আনহাতে ৰাইজৰ ৰোষত পৰাৰ ভয়ত ভৱানী ষ্ট’ৰ বন্ধ ৰখা ব্যৱসায়ী মণ্টু আগৰৱালাই কৃষি বিভাগৰ বীজ বিক্ৰী কৰাৰ অভিযোগ পোনছাটেই অস্বীকাৰ কৰি মগুখিনি যোৰহাটৰ ৰাঠী ট্ৰেডাৰছৰ পৰা সংগ্ৰহ কৰা বুলিহে প্ৰকাশ কৰে ৷ ভুক্তভোগী প্ৰণৱ গগৈয়ে ব্যৱসায়ী মন্টু আগৰৱালাৰ বিৰুদ্ধে আৰক্ষীক প্ৰদান কৰা এজাহাৰৰ গোচৰ ৰুজু হ’ল যদিও সোধাপোচাৰ বাবে ব্যৱসায়ী গৰাকীক আৰক্ষীয়ে থানালৈ মতাৰ প্ৰয়োজন বোধ নকৰাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ ইফালে এই ঘটনাৰ সঠিক তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰি ভুক্তভোগীক ন্যায় প্ৰদানৰ দাবী তুলিছে আছু,আটাছু আৰু বীৰ লাচিত সেনাই ৷ বৰ্তমান সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে ব্যৱসায়ী মন্টু আগৰৱালাৰ ভৱানী ষ্ট’ৰৰ পৰা জিলা খাদ্য সুৰক্ষা বিভাগৰ দলে সংগ্ৰহ কৰা মগুকে ধৰি খাদ্য সামগ্ৰীৰ পৰীক্ষাত কি তথ্য ওলাই সেই প্ৰতিবেদন প্ৰকাশ পোৱালৈ ৷ এই প্ৰতিবেদনৰ ওপৰতে নিৰ্ভৰ কৰিব বিষক্ৰিয়া ঘটনাৰ ওপৰত প্ৰশাসনৰ তদন্তৰ ফলাফল ৷

লগতে পঢ়ক :

ABOUT THE AUTHOR

...view details