অসম

assam

ETV Bharat / state

পান আমেৰিকান মাষ্টাৰ্ছ গেমছ যোগ্যতা অৰ্জন টীয়কৰ মণিষাৰ - তিলক গগৈ

যোৰহাট জিলাৰ টীয়ক হাঁহচৰা কোঁৱৰ গাঁৱৰ তিলক গগৈৰ নামৰ লোকগৰাকীৰ পত্নী মণিষা গগৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত 400 মিটাৰ আৰু 800 মিটাৰ দৌৰত অংশগ্ৰহণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে ৷ আৰ্থিকভাৱে দুৰ্বল মণিষাই ব্ৰাজিললৈ যোৱাৰ বাবে চৰকাৰ তথা দল-সংগঠন আৰু সচেতন ৰাইজৰ পৰা আৰ্থিক সাহায্যৰ আহ্বান জনায় ৷

Manisha Gogoi from teok get chance to play in Brazil
টীয়কৰ মণিষাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়ালৈ যোগ্যতা অৰ্জন

By

Published : Feb 24, 2020, 8:17 PM IST

টীয়ক, 24 ফেব্ৰুৱাৰীঃ পান আমেৰিকান মাষ্টাৰ্ছ গেমছ 2020 লৈ নিৰ্বাচিত টীয়ক হাঁহচৰাৰ মণিষা গগৈ নামৰ এগৰাকী মহিলাৰ ৷ যোৰহাট জিলাৰ টীয়ক হাঁহচৰা কোঁৱৰ গাঁৱৰ তিলক গগৈৰ নামৰ লোক গৰাকীৰ পত্নী মণিষা গগৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত 400 মিটাৰ আৰু 800 মিটাৰ দৌৰত অংশগ্ৰহণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ’ ত অহা 4 ছেপ্টেম্বৰৰ পৰা 13 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া পান আমেৰিকান মাষ্টাৰ্ছ গেমছত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছে মণিষা গগৈয়ে ৷

টীয়কৰ মণিষাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়ালৈ যোগ্যতা অৰ্জন

উল্লেখ্য যে যোৱা 5 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈকে গুজৰাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত 400 মিটাৰ আৰু 800 মিটাৰ দৌৰত মণিষা গগৈয়ে তৃতীয় স্থান লাভ কৰি আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত যোগদানৰ বাবে যোগ্যতা অৰ্জন কৰে ৷ আৰ্থিকভাৱে দুৰ্বল মণিষাই ব্ৰাজিললৈ যোৱাৰ বাবে চৰকাৰ তথা দল-সংগঠন আৰু সচেতন ৰাইজৰ পৰা আৰ্থিক সাহায্যৰ আহ্বান জনায় ৷

আৰু পঢ়কঃচিৰাঙত বিজেপিৰ মানাস সেৰফাং মণ্ডল কমিটীৰ কৰ্মী সভা

ABOUT THE AUTHOR

...view details