অসম

assam

ETV Bharat / state

যোৰহাটত অবৈধ সুৰা বন্ধ কৰিবলৈ গৈ প্ৰাণ গ'ল যুৱকৰ - সুৰাৰ দোকান

সুৰাৰ দোকান বন্ধ কৰিবলৈ যোৱাৰ বাবে সুৰা ব্যৱসায়ীৰ ৰোষত পৰে যুৱকজন ৷ সুৰা ব্যৱসায়ীজনে বেয়াকৈ প্ৰহাৰ কৰে আশীষ বৰাক ৷ সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও যুৱকজনৰ চিকিৎসালয়তেই মৃত্যু ঘটে ৷

অবৈধ সুৰা বন্ধ কৰিবলৈ গৈ প্ৰাণ গ'ল যুৱকৰ

By

Published : Sep 17, 2019, 8:38 AM IST

যোৰহাট, 17 চেপ্তেম্বৰঃযোৰহাটত সংঘটিত হৈছে লোমহর্ষক হত্যাকাণ্ড৷ অবৈধ সুৰা বন্ধ কৰিবলৈ গৈ প্ৰাণ গ'ল এজন লোকৰ ৷ সোমবাৰে নিশা যোৰহাটত সংঘটিত হয় এই ঘটনা ৷

অবৈধ সুৰা বন্ধ কৰিবলৈ গৈ প্ৰাণ গ'ল যুৱকৰ
নিহত যুৱকজনৰ নাম আশীষ বৰা বুলি জানিব পৰা গৈছে ৷ সুৰাৰ দোকান বন্ধ কৰিবলৈ যোৱাৰ বাবে সুৰা ব্যৱসায়ীৰ ৰোষত পৰে যুৱকজন ৷ এই ঘটনাক লৈ সুৰা ব্যৱসায়ীজনে বেয়াকৈ প্ৰহাৰ কৰে আশীষ বৰাক ৷ ব্যৱসায়ীজনৰ আক্ৰমণত যুৱকজনে মূৰ আৰু বুকুত গুৰুতৰভাৱে আঘাত পায় ৷ ইয়াৰ পিচতে সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও যুৱকজনৰ চিকিৎসালয়তেই মৃত্যু ঘটে ৷

ইতিমধ্যে ঘটনা সম্পৰ্কত যোৰহাট আৰক্ষীয়ে আটক কৰিছে বগাই নামৰ এটা মদ সুৰা ব্যৱসায়ীক ৷ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে সুৰা ব্যৱসায়ীক ৷ চহৰখনৰ মাজমজিয়াত হোৱা এই হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ চহৰখ। আৰক্ষীৰ দূৰ্বল ভূমিকাৰ বাবেই এনেদৰে চহৰৰ মাজমজিয়াত অবৈধভাৱে মদ বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল যদিও আৰক্ষীয়ে গুৰুত্ব আৰোপ নকৰাৰ ফলতে এন ঘটনা সংঘটিত হ'বলৈ পালে বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details