অসম

assam

ETV Bharat / state

Man elephant conflict in Teok : বনৰীয়া হাতীৰ উপদ্ৰৱত ত্ৰাসিত ৰাইজ - Man elephant conflict

ৰাজ্যৰ চৌদিশে এতিয়া হাতী মানুহৰ সংঘাত(Man elephant conflict in Assam)। হাতী মানুহৰ সংঘাতত জৰ্জৰিত হৈছে টীয়কবাসী ৰাইজ ৷ বিগত কিছুদিন ধৰি বন্যহস্তীয়ে ত্ৰাস চলাই আহিছে(Man elephant conflict in teok) টীয়কৰ বিভিন্ন এলেকাত ।

হাতী মানুহৰ সংঘাতত সৰ্বস্ব হেৰুৱাইছে টীয়কবাসী ৰাইজে
হাতী মানুহৰ সংঘাতত সৰ্বস্ব হেৰুৱাইছে টীয়কবাসী ৰাইজে

By

Published : Dec 12, 2021, 5:20 PM IST

টিয়ক, 12 ডিচেম্বৰ : হাতী মানুহৰ সংঘাতত উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ বিভিন্ন অ়্চলৰ ৰাইজ । দৈনিক সংঘটিত হৈছে বন্যহস্তীৰ ত্ৰাসৰ ঘটনা । হাতী মানুহৰ সংঘাতে বাৰুকৈয়ে বিপাঙত পেলাইছে টীয়কবাসীক ৷ বিগত কিছুদিন ধৰি বন্যহস্তীয়ে ত্ৰা চলাই আহিছে(Man elephant conflict in teok) টীয়কৰ বিভিন্ন এলেকাত ।

খাদ্যৰ সন্ধানত নিশা গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা ৫০/৬০ জনীয়া বন্যহস্তীৰ ত্ৰাসত উজাগৰী নিশা কটাবলগীয়া হৈছে মেলেংৰ জনতাই । যোৱা নিশা উক্ত অঞ্চলটোৰ ছটাকৈ বাসগৃহ ভাঙি তহিলং কৰে বন্যহস্তীৰ জাকটোৱে (Wild elephant terror in Teok)। বীৰছা মুণ্ডা, সঞ্জয় নায়ক, আইজনী কৰ্মকাৰ, বিশাল, ৰিমা কৰ্মকাৰ আৰু দামু কৰ্মকাৰ নামৰ ব্যক্তি কেইগৰাকীৰ ঘৰ দুৱাৰ ভাঙি থৈ যোৱাৰ লগতে ভৰাল ঘৰ ভাঙি সমুদায় ধান নষ্ট কৰি থৈ যায় ।

উল্লেখ্য যে উক্ত অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱ আজিৰ ঘটনা নহয় । বনৰীয়া হাতীৰ আক্ৰমণত যোৱা বৰ্ষত নিহত হৈছে এজন লোক । কিন্তু নিৰ্বিকাৰ বন বিভাগ । উক্ত সমস্যাৰ স্থায়ী সমাধান সূত্ৰ উলিয়াব পৰা নাই প্ৰশাসনে ।
লগতে পঢ়ক :Man elephant conflict in Assam: বন্যহস্তী উপদ্ৰৱত শংকিত বঢ়মপুৰবাসী

ABOUT THE AUTHOR

...view details