অসম

assam

By

Published : Oct 13, 2019, 4:33 PM IST

ETV Bharat / state

উত্তৰ প্ৰদেশৰ অযোধ্যালৈ যাব অসমৰ ৰাৱণ আৰু কুম্ভকৰ্ণ

অযোধ্যালৈ অসমৰ মুখা শিল্প ৷ সত্ৰভূমি মাজুলীৰ পৰা উত্তৰ প্ৰদেশৰ অযোধ্যালৈ নিয়া হ'ব অসমৰ মুখা শিল্প ৷

অযোধ্যালৈ অসমৰ মুখা শিল্প

মাজুলী,13 অক্টোবৰঃঅসমৰ ভাওনা সংস্কৃতিৰ পৰা হেৰাই যাব ধৰা বৰ মুখাৰ প্ৰচাৰ প্ৰসাৰ তথা সংৰক্ষণৰ হকে মাজুলীৰ চামগুৰি সত্ৰৰ এয়া বিশেষ প্ৰয়াস ।দিন ৰাতি একাকাৰ কৰি মাহজোৰা পৰিশ্ৰমৰ ফচল এয়া ৰাৱণ আৰু কুম্ভকর্ণৰ সম্পূৰ্ণ বৰ মুখা। বিশ্ব দৰবাৰত নিজৰ নাম আৰ্জিবলৈ সক্ষম হোৱা চামগুৰি সত্ৰৰ মুখা শিল্পী হেমচন্দ্ৰ গোস্বামীৰ নেতৃত্বত তেখেতৰ শিষ্যৰ এটা দলে নিৰ্মাণ কৰি তুলিছে এই দুই বৰ মুখা ।

অযোধ্যালৈ অসমৰ মুখা শিল্প

একেদৰে সাজু কৰি তুলিছে হনুমান , বালি ,সুগ্ৰীৱ,জটায়ু,বিভীষণৰ মুখাও। মাজুলীৰ চামগুৰি সত্ৰত শিল্পী বৃন্দই নিৰ্মান কৰা সৰ্বমুঠ ন বিধ মুখা লৈ যোৱা হব উত্তৰ প্ৰদেশলৈ । এই বৰ মুখা সমূহ উত্তৰ প্ৰদেশৰ অযোধ্যাৰ চৰকাৰে সাংস্কৃতিক বিভাগৰ উদ্যোগত মিউজিয়ামত সংৰক্ষণৰ ব্যৱস্থা কৰিছে । সম্পূৰ্ণ বৈজ্ঞানিক ভাৱে ইয়াক সংৰক্ষণ কৰাৰ লগতে অযোধ্যাত মাজুলীৰ বৰমুখাৰ প্ৰচলন তথা বৰমুখাৰ বুৰঞ্জী স্থাপনৰ ব্যৱস্থা কৰিব। গুৰুজনাই দি থৈ যোৱা এই অমৰ সৃষ্টি বহিঃৰাজ্যত প্ৰতিষ্ঠা হোৱা কথাই এতিয়া সকলোকে আনন্দিত কৰি তুলিছে। এই ইতিবাচক খবৰটোৱে এতিয়া সকলোকে প্ৰফুল্লিত কৰি তুলিছে। দেওবাৰে এই বৰমুখা উত্তৰ প্ৰদেশলৈ এখন ট্ৰাকেৰে ৰাওনা হ'ব । একেদৰে মুখা শিল্পী খগেন গোস্বামীও সংগ্ৰহালয়ত এই ন ভাগ বৰমুখা সুন্দৰকৈ সজাবলৈ ৰাওনা হ'ব উত্তৰ প্ৰদেশৰ অযোধ্যালৈ ৷

ABOUT THE AUTHOR

...view details