অসম

assam

ETV Bharat / state

টীয়কত মহাপুৰুষ মাধৱদেৱৰ 531 সংখ্যক আৱিৰ্ভাৱ তিথি

মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে টীয়কবাসীয়ে ৰাজপথৰ মাজেৰে উলিয়ালে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা

By

Published : Jun 3, 2019, 1:40 PM IST

টীয়কত মহাপুৰুষ মাধৱদেৱৰ ৫৩১ সংখ্যক আৱিৰ্ভাৱ তিথি উদযাপন

টীয়ক,৩ জুনঃ মহাপুৰুষ মাধৱদেৱৰ ৫৩১ সংখ্যক আৱিৰ্ভাৱ তিথি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় টীয়ক সমষ্টিৰ কাকজানৰ দুলীয়াগাঁওস্থিত টীয়ক আঞ্চলিক শাখাৰ নামঘৰত । উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচীৰ লগতে ভাগৱত ভ্ৰমণ তথা ৰাজপথৰ মাজেৰে উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা । যোৰহাট জিলা শাখাৰ উদ্যোগত টীয়ক আঞ্চলিকৰ আতিথ্যত আয়োজিত এই মহোৎসৱত শোভাযাত্ৰাৰ পাছতেই অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ যুটীয়া সম্পাদক জ্ঞানাৰুণ কুমাৰ গগৈয়ে ৷ নিৰ্দিষ্ট বক্তা হিচাপে মন্তব্য আগবঢ়াই পদাধিকাৰ কমলাকান্ত গগৈয়ে ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন পদাধিকাৰ মুখ্যেশ্বৰ শইকীয়াই ৷ এই সকলোবোৰ কাৰ্যসূচীৰ মাজতে চলে সাংস্কৃতিক কাৰ্যসূচীও ।

টীয়কত মহাপুৰুষ মাধৱদেৱৰ ৫৩১ সংখ্যক আৱিৰ্ভাৱ তিথি উদযাপন

ABOUT THE AUTHOR

...view details