অসম

assam

ETV Bharat / state

Madhabdev birth anniversary: ঢেকীয়াখোৱা বৰ নামঘৰত মাধৱদেৱৰ জন্মজয়ন্তী পালন - ঢেকীয়াখোৱা বৰ নামঘৰত মাধৱদেৱৰ জন্মজয়ন্তী পালন

আজি শ্ৰীশ্ৰীমাধৱদেৱৰ ৫৩৪ সংখ্যক জন্মজয়ন্তী (Madhabdev birth anniversary)। ঐতিহাসিক মাধৱদেৱে প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰতো দুদিনীয়া কাৰ্যসূচী মাধৱদেৱ জন্ম জয়ন্তী উদযাপন ।

Madhabdev 535 birth anniversary celebrated in Teok
ঢেকীয়াখোৱা বৰ নামঘৰত মাধৱদেৱৰ জন্মজয়ন্তী পালন

By

Published : Jun 5, 2023, 8:02 PM IST

ঢেকীয়াখোৱা বৰ নামঘৰত মাধৱদেৱৰ জন্মজয়ন্তী পালন

টীয়ক,৫ জুন:আজি শ্ৰীশ্ৰীমাধৱদেৱৰ ৫৩৪ সংখ্যক জন্মজয়ন্তী (Madhabdev birth anniversary) । অসমৰ প্ৰতিখন সত্ৰ তথা নামঘৰত পালন কৰা হৈছে মহাপুৰুষ মাধৱদেৱৰ জন্মজয়ন্তী । ব্যতিক্ৰম নহয় টীয়কতো । টীয়কৰ শ্ৰী শ্ৰী গুৰু মাধৱদেৱে নিজ হাতে স্থাপন কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৪ সংখ্যক জন্মজয়ন্তী আড়ম্বৰপূৰ্ণভাবে পালন কৰা হৈছে মহাপুৰুষজনাৰ জন্মজয়ন্তী (Dhekiakhowa Bor Namghar in Teok) ।

মহাপুৰুষীয়া ধৰ্ম বা একশৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ মূল হোতা শ্ৰীমন্ত শংকৰদেৱৰ একনিষ্ঠ অনুগামী শ্ৰী শ্ৰী মাধৱদেৱৰ এই জন্মজয়ন্তীভাগ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে । দেওবাৰে বৰগীত, সত্ৰীয়া নৃত্য, খোলবাদন আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পাছত সোমবাৰে পুৱাই সমূহ ঢেকীয়াখোৱাবাসীৰ সহযোগত ভাগৱত ভ্ৰমণ ও সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে (Madhabdev 535 birth anniversary celebrated in Teok) ।

উক্ত অনুষ্ঠানত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ৰাইজৰ স্বত:স্ফুৰ্ত সঁহাৰি পৰিলক্ষিত হয় । ইপিনে শোভাযাত্ৰাৰ পাছতে নাম প্ৰসংগ আৰু তাৰ পাছতে মূলসভা তথা বঁটা বিতৰণী সভা অনুষ্ঠিত হয় লগতে গধূলিলৈ মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শনৰো ব্যৱস্থা কৰে উদ্যোক্তাসকলে ।

ইপিনে মাধৱ গুৰুজনাৰ অমৰ সৃষ্টিক যুগমীয়া কৰি যোৱাৰ চেষ্টাত শ্ৰীশ্ৰী ঢেকিয়াখোৱা বৰ নামঘৰেও গুৰুজনাৰ অমৰ সৃষ্টিক হৰি নামৰ মাজেৰে জীয়াই ৰখাৰ আকুণ্ঠ প্ৰয়াস কৰিছে ।

প্ৰবাদ অনুসৰি বৈষ্ণৱধৰ্ম প্ৰচাৰ কৰি থকাৰ সময়তে, অবৈষ্ণৱ সকলৰ প্ৰৰোচনাত পৰি ৰজাই মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱক বন্দী কৰিব খোজোত, শংকৰ গুৰুক শিষ্যসকলে আত্মগোপন কৰোৱায়। ৰজাই মাধৱদেৱক জোঁৱায়েকৰ সৈতে বন্দী কৰে, পাছত বিচাৰত জোঁৱায়েকক মৃত্যুদণ্ড দিয়ে আৰু মাধৱদেৱক মুক্তি দিয়ে ।

বন্দীশালৰ পৰা ওলাই আহি বৰ্তমানৰ ঢেকীয়াখোৱা বৰনামঘৰ থকা ঠাইত, এটা ভগা পজাঁত থকা এহাল বুঢ়া-বুঢ়ীৰ ঘৰত দুখে-ভাগৰে মাধৱদেৱে আশ্ৰয় লৈছিল । ৰাতিৰ ভাত সাঁজৰ বাবে ঢেঁকীয়া শাকেৰে ব্যঞ্জন বনাই বুঢ়ীয়ে নিজেই নাখায় মাধৱদেৱক খুৱাইছিল । আহাৰ গ্ৰহণ কৰাৰ পাছত, বুঢ়াৰ সহযোগত গাঁৱৰ কেইজনমান লোক লগ হৈ সেই ঠাইত এটা নামঘৰ স্থাপনৰ কথা কয় আৰু গুৰুজনাই নিজৰ পৰিচয় দিয়ে ।

ৰাইজে গুৰুজনাৰ ওচৰত মূৰ দোঁৱাই সন্মতি প্ৰকাশ কৰে । যি ঠাইত গুৰুজনাই ভোজন কৰিছিল, সেই ঠাইত বৰগছৰ তলত খুঁটি মাৰি বন্তি প্ৰজ্বলন কৰি নামঘৰ ভাগ স্থাপন কৰে । তেতিয়াৰ পৰাই এই নামঘৰটোৰ লগতে অঞ্চলটোৰ নাম ঢেকীয়াখোৱা হয়। মহাপুৰুষ মাধৱদেৱে সেই ঠাই ত্যাগ কৰাৰ পাছত বুঢ়া-বুঢ়ীহালৰ মৃত্যু হয় আৰু ৰাইজে সেই ঠাইতে খেৰ-বাঁহৰ নামঘৰ সাজি বুঢ়া নামঘৰ নাম দিলে আৰু প্ৰত্যেক বছৰৰ ভাদ মাহত গুৰুজনাৰ আৰ্হিৰে পালনাম গাবলৈ ধৰিলে । এসময়ত কাঠ-বাঁহেৰে নিৰ্মিত এই নামঘৰেই আটকধুনীয়া ঢেকীয়াখোৱা নামঘৰ হিচাপে প্ৰখ্যাত হয় ।

লগতে পঢ়ক:World environment day: গছপুলি ৰোপন কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

ABOUT THE AUTHOR

...view details