অসম

assam

ETV Bharat / state

টীয়কত এক  ব্যতিক্ৰমী অনুষ্ঠানে মন্ত্ৰমুগ্ধ কৰিলে ৰাইজক - চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়

মাতৃ সুৰক্ষা, অন্ধ বিশ্বাস, আৰু সামাজিক ব্যাধি দূৰীকৰণ, নিচাযুক্ত হানিকাৰক দ্ৰব্য নিবাৰণ ইত্যাদি‌ উদেশ্যৰে "মা" অনুষ্ঠান সুদীৰ্ঘ 28 টা বছৰে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰি আহিছে গোবিন বৰদলৈয়ে ৷

একোখনকৈ তামোল আৰু এপদ বস্ত্ৰ দানেৰে ব্যতিক্ৰমী 'মা' শীৰ্ষক অনুষ্ঠান

By

Published : Jun 27, 2019, 4:06 PM IST

টীয়ক, 27 জুন: টীয়কৰ চি কে বি মহাবিদ্যালয়ত অনুষ্ঠিত 'মা' শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠানে মুহিলে টীয়কবাসীক ৷ এক আবেগিক পৰিৱেশত বৃদ্ধা মাতৃসকলক একোখনকৈ তামোল আৰু এপদ বস্ত্ৰেৰে সেৱা লয় এজন ব্যক্তিয়ে ৷ লক্ষীমপুৰ নকাড়ীৰ মেচাৰ্চ জি বৰদলৈ এন্টাৰ প্ৰাইজৰ স্বাত্বাধিকাৰী গোবিন বৰদলৈৰ 'মা" শীৰ্ষক অনুষ্ঠানে টীয়ক চন্দ্ৰ কমল বেজবৰুৱাৰ মহাবিদ্যালয়ত উপস্থিত সকলোৰে অন্তৰ চুই যায় ৷ উল্লেখ্য যে, চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ সৌজন্যত গোবিন বৰদলৈৰ পৃষ্ঠপোষকতাত 'মা" অনুষ্ঠানৰ সজাগতা সভা তথা সেৱা অনুষ্ঠান বৃহস্পতিবাৰে আয়োজন কৰা হয় মহাবিদ্যালয় খনৰ প্ৰেক্ষাগৃহত ৷ মাতৃ সুৰক্ষা,অন্ধ বিশ্বাস,আৰু সামাজিক ব্যাধি দূৰীকৰণ,নিচাযুক্ত হানিকাৰক দ্ৰব্য নিবাৰণ ইত্যাদি‌ উদেশ্যৰে "মা" অনুষ্ঠানটো সুদীৰ্ঘ 28 টা বছৰে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰি আহিছে গোবিন বৰদলৈয়ে ৷ চি কে বি মহাবিদ্যালয়ত আয়োজিত প্ৰায় তিনি শতাধিক লোক উপস্থিত থকা এই অনুষ্ঠানত টীয়ক অঞ্চলৰ প্ৰায় 70 গৰাকী বৃদ্ধাক একোখনকৈ বস্ত্ৰ দিয়াৰ লগতে অনুষ্ঠানৰ শেষত সকলোকে সেৱা আগবঢ়াই গোবিন বৰদলৈয়ে ৷

একোখনকৈ তামোল আৰু এপদ বস্ত্ৰ দানেৰে ব্যতিক্ৰমী 'মা' শীৰ্ষক অনুষ্ঠান

ABOUT THE AUTHOR

...view details