টিয়ক, 24 নৱেম্বৰ: মেঘালয় আৰু অসমৰ মাজত হোৱা সংঘৰ্ষক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে (AJP President Lurinjyoti Gogoi)। টীয়কৰ লাচিত মৈডামত আজি নেতাগৰাকী উপস্থিত থাকি কয়,"অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল সীমা সমস্যা সমাধান হ’ল ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীক কাষত ৰাখি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল 70 শতাংশ সীমা সমস্যা সমাধান হৈছে ৷ কিন্তু অসমৰ ৰাইজে জানে যে 18.56 কিলোমিটাৰ মাটি মেঘালয়ক অসম চৰকাৰে দি আত্মসমৰ্পন কৰি সীমা সমস্যাটো নিস্পত্তি কৰিব খুজিছিল ৷ কিন্তু তথাপিও সীমা সমস্যাটো আজিলৈকে সমাধান হোৱা নাই ৷"
তেওঁ লগতে কয় যে, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ ভাবমূৰ্তি শক্তিশালী কৰিবলৈ আৰু নেডাৰ দায়িত্ব সৰ্বকালৰ বাবে লৈ থাাকিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কূটকৌশল আৰু ষড়যন্ত্ৰ কৰি ৰাইজক আভুৱা বাঢ়িছে ৷ কিন্তু সীমা সমস্যা যে সমাধান হোৱা নাই এই কথা মেঘালয় আৰু অসমৰ মাজত হোৱা সংঘৰ্ষই প্ৰমাণ কৰিলে ৷ প্ৰথম মিজোৰামত হ’ল এইবাৰ আকৌ মেঘালয়ত হ’ল ৷ মেঘালয়ত সীমা সমস্যাই এক ভয়ংকৰ ৰূপ লৈছে ৷ এই পৰিপ্ৰেক্ষিত যি সময়ত মুখ্যমন্ত্ৰীয়ে অসমৰ জনগণৰ লগত থাকিব লাগিছিল অথবা সমগ্ৰ বিষয়টোক লৈ মেঘালয়ৰ চৰকাৰৰ লগত কথা-বতৰা পাতি সমস্যাটো সমাধান কৰিব লাগিছল, সেইধৰণে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ কাষত ঠিয় দিয়া নাই (Lurinjyoti Gogoi criticizes Assam CM)৷"