যোৰহাট, 29 ডিচেম্বৰ: লৌহকন্যা লাভলীনা বৰগোহাঁইক যোৰহাটত জনোৱা হয় এক ৰাজহুৱা সম্বৰ্ধনা (Lovlina Borgohain felicitated in Jorhat) । সম্বৰ্ধনা গ্ৰহণ কৰি সংবাদ মাধ্যমৰ যোগেদি অসমবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনালে লাভলীনা বৰগোহাঁয়ে ।
অসমীয়া জাতিক সমগ্ৰ বিশ্বতে গৌৰাম্বিত কৰা লাভলিনা বৰগোহাঁইক সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিয়ে জ্ঞাপন কৰে সম্বৰ্ধনা ৷ উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে ৫ শতাধিক লোক । গাম্ভীয্যপূৰ্ণ অনুষ্ঠানটো আছুৰ বিষয়ববীয়াই আঁত ধৰি আগবঢ়াই নিয়ে । আগন্তুক নৱবৰ্ষটো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি অসম গৌৰৱ গৰাকীয়ে জনায় যে, 2022 বৰ্ষত চাৰিখনকৈ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা আছে ৷ সেই প্ৰতিযোগিতাকেইখনত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ চেষ্টা কৰিব ।