যোৰহাট, জানুৱাৰী : অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ লুণ্ঠনে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য (loot of Assam Multipurpose Cooperative Society) । সমবায়খনে চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰাৰ লগতে বহু অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল (scam in Assam Multipurpose Cooperative Society) ।
অসম চৰকাৰৰ সমবায় বিভাগে সমগ্ৰ অসমতে থকা শাখা কাৰ্যালয়সমূহত অভিযান চলাই বন্ধ কৰি দিয়াৰ পাছতে পোহৰলৈ আহিছে সমবায় সমিতিখনৰ একাংশ কৰ্মচাৰীৰ লুণ্ঠনৰ ক'লা অধ্যায় । তাৰ মাজতে অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ (Assam Multipurpose Cooperative Society Limited) বিৰুদ্ধে ব্যাপক অনিয়ম আৰু লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে । উল্লেখ্য, ৰাজ্যৰ সমবায় বিভাগে ইতিমধ্যে বন্ধ কৰি দিছে সমবায়খনৰ অসমৰ বিভিন্ন প্ৰান্তত সক্ৰিয় হৈ থকা শাখা কাৰ্যালয়সমূহ ।
লগতে সমবায় বিভাগে অভিযান চলাই সমবায় সমিতিখনৰ বহু নথি-পত্ৰও জব্দ কৰিছে (Assam Cooperative Society department) । ইয়াৰ পাছতে ২০০৬ চনৰ পৰা সমবায়খনৰ একাংশ কৰ্মচাৰীয়ে কেনেদৰে নিবনুৱা যুৱক-যুৱতীৰ পৰা চাকৰিৰ প্ৰলোভনেৰে ধন আত্মসাতত লিপ্ত হৈছে সেই ঘটনা পোহৰলৈ আহিছে । সমবায় সমিতিখনৰ মৰিয়নি শাখাৰ শাখ প্ৰবন্ধক সীমা বৰাই বহু লোকৰ পৰা চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ।