অসম

assam

ETV Bharat / state

যোৰহাটত ফ্লপ শ্ব’লৈ পৰিণত লক ডাউন

যোৰহাট জিলা প্ৰশাসনে অনিৰ্দিষ্টকালীন লক ডাউন জাৰি কৰিলেও অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে পুৱা 7 বজাৰ পৰা দিনৰ 12 বজালৈ পাইকাৰী বিপণীসমূহ খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কিন্তু প্ৰশাসনৰ নিৰ্দেশনাক আওকাণ কৰি জিলাখনৰ প্ৰায়বোৰ বিপণীতে দেখা যায় গ্ৰাহকৰ অভাৱনীয় ভিৰ ৷ ফলত কৰ’ণা ভাইৰাছ সংক্ৰমণৰ আশংকা অধিক হোৱা পৰিলক্ষিত হৈছে জিলাখনত ৷

lockdown become as a flopshow in jorhat assam etv bharat news
যোৰহাটত লক ডাউন

By

Published : Jul 16, 2020, 12:40 PM IST

যোৰহাট,16 জুলাই: কোভিড 19 ৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে যোৰহাটত জাৰি কৰা হৈছিল লক ডাউন ৷ বিগত 9 জুলাইৰ পৰা জিলাখনৰ পৌৰসভাৰ অন্তৰ্গত এলেকাসমূহত জাৰি কৰা হৈছিল লক ডাউন ৷ কিন্তু ইয়াৰ পিছতো জিলাখনত কৰ’ণা ৰোগীৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাত জিলা প্ৰশাসনে বুধবাৰৰ পৰা নিৰ্দেশ দিছিল অনিৰ্দিষ্টকালীন লক্ ডাউনৰ ৷ ইতিমধ্যে যোৰহাটত বুধবাৰৰ দিনটোলৈকে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই 513 ঘৰ অতিক্ৰম কৰে ৷

যোৰহাটত লক ডাউনৰ নমুনা প্ৰতিফলিত

উল্লেখ্য যে, প্ৰশাসনে জিলা খনত লক ডাউন জাৰি কৰিলেও অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে পুৱা 7 বজাৰ পৰা দিনৰ 12 বজালৈ পাইকাৰী বিপণীসমূহ খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কিন্তু প্ৰশাসনৰ সিদ্ধান্তক আওকাণ কৰি জিলাখনৰ প্ৰায়বোৰ বিপণীতে দেখা যায় গ্ৰাহকৰ অভাৱনীয় ভিৰ ৷ ফলত কৰ’ণা ভাইৰাছ সংক্ৰমণৰ আশংকা অধিক হোৱা পৰিলক্ষিত হৈছে ৷ বুধবাৰে ৰাজ্যত কৰ’ণা আক্ৰান্তৰ সংখ্যাই 19,754 গৰাকীলৈ বৃদ্ধি পাইছে ৷ 48 গৰাকী লোকে ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুবৰণ কৰাৰ বিপৰীতে সুস্থ হৈছে 12,888 গৰাকী ব্যক্তি ৷

লগতে চাওকঃৰহা সমষ্টিৰ বিভিন্ন অঞ্চলত বানৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details